Local, Vocal, Global

বশিষ্ঠ অঞ্চলত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৯ জুন : দেওবাৰে পুৱা গুৱাহাটীৰ বশিষ্ঠৰ পাটৰকুছি অঞ্চলৰ এটা ঘৰৰ পৰা এজন মধ্যবয়স্ক লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

খবৰ অনুসৰি পূজন দে’ নামৰ মৃতব্যক্তিজনক যোৱা তিনিদিন ধৰি তেওঁৰ ঘৰৰ ভিতৰত বন্দী কৰি ৰখা হৈছিল ।

উল্লেখযোগ্য যে, ভাগিনীয়েকৰ লগতে ভাড়াতীয়া হিচাপে আছিল পূজন দে’, যাৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। পূজন দে’ পেছাত এজন ই-ৰিক্সা চালক আছিল।

ইফালে, পৰিস্থিতিৰ মূল্যাঙ্কন কৰিবলৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। অৱশ্যে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছত জানিব পৰা যাব।