সুশান্তেই নহয় NCRBৰ তথ্যত ফাদিল ভয়ংকৰ সত্য

সকলো এতিয়া ব্যস্ত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য ফাদিল কৰাত। কিন্তু আৰ্থিক দৈন্যন্দতাতে হওঁক বা নিবনুৱা সমস্যাতে হওঁক প্ৰতিদিনে,প্ৰতিঘন্টাত ১০গৰাকী লোকে বাছি লয় আত্মহত্যাৰ দৰে পথ। চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে যদিও বহুসময়ত প্ৰকৃত হিতধিকাৰী বঞ্চিত হৈ আহিছে।যাৰ পৰিপেক্ষিতত বহু সময়ত অভাৱে জুৰুলা কৰে দৰিদ্ৰ শ্ৰেণীৰ লোকক। বিশেষকৈ অভাৱ-অনাটন তথা দুৰ্যোগে পিছে পিছে খেদি ফুৰে কৃষক সমাজক। খৰাং বতৰ বানপানীৰ সমস্যা, কীট-পতংগৰ উপদ্ৰৱে বাৰুকৈয়ে জুৰুলা কৰে কৃষক ৰাইজক।
শেহতীয়াকৈ NCRB( National Crime Records Bureau)- ৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি ২০১৯ চনত ৪২,৪৮০ খেতিয়ক আৰু দৈনিক দিন হাজিৰা কৰা শ্ৰমিকে আত্মহত্যা কৰিছে। ২০১৮ চনতকৈ ২০১৯ ত খেতিয়ক আৰু শ্ৰমিকৰ আত্মহত্যাৰ হাৰ বৃদ্ধি পাইছিল ৬ শতাংশলৈ। খেতিয়কৰ আত্মহত্যাৰ হাৰ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও কিন্তু শ্ৰমিক আত্মহত্যাৰ হাৰ ৮ শতাংশ বৃদ্ধি পাইছিল।
NCRB( National Crime Records Bureau) য়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৯ ত ১০,২৮১ জন খেতিয়কে আত্মহত্যা কৰিছে আৰু ২০১৮ত আত্মহত্যা কৰা খেতিয়কৰ সংখ্যা আছিল ১০,৩৫৭। অৰ্থাৎ ২০১৯ ত ৭৬ জন খেতিয়কৰ আত্মহত্যাৰ সংখ্যা হ্ৰাস পাইছে। সেই অনুপাতে ২০১৯ ত ৩২,৫৫৯ জন শ্ৰমিকে আত্মহত্যা কৰিছে, ২০১৮ ত আত্মহত্যা কৰা শ্ৰমিকৰ সংখ্যা আছিল ৩০,১৩২।
উল্লেখ্য যে দেশৰ মুঠ আত্মহত্যাৰ ৭.৪ শতাংশ কৃষি খণ্ডৰ লগত জড়িত। NCRB ৰ তথ্য অনুসৰি ২০১৯ চনত দেশত ১,৩৯,১২৩ জন লোকে আত্মহত্যা কৰিছে আৰু ২০১৮ ত মুঠ আত্মহত্যা কৰা লোকৰ সংখ্যা আছিল ১,৩৪,৫১৬।