ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে বাদুলীপাৰত পথ দুৰ্ঘটনা…

ডিজিটেল ডেস্ক:-দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা।ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হোৱা এই দুৰ্ঘটনাতো।দুৰ্ঘটনাত তিনিজনকৈ ব্যক্তি গুৰুতৰভাৱে আহত হয়,ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।বাদুলিপাৰৰ দিশৰ পৰা তীব্ৰ বেগত দেৰগাঁও অভিমুখে থকা AS 05 R-4193 নম্বৰৰ supper splender বাইক খনে বাদুলিপাৰ আৰু ৰঙামাটি চাহ বাগিচাৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে।ফলত বাইক খনত থকা হেলমেট বিহীন তিনি জনকৈ ব্যক্তি গুৰুতৰ ভাৱে আহত হয়।এই ঘটনাত বাইক খনত যোৱা তিনিওজন ব্যক্তিৰ দুজন ক্ৰমে কৰুনাটি চাহ বাগিচাৰ ৯ নম্বৰ লাইনৰ বোকা কণ আৰু অমৃত কণ বুলি জানিব পৰা গৈছে।আনজন ব্যক্তিৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।ঘটনাস্থলিত উপস্থিত ৰাইজৰ সহযোগত আহত তিনিজনকে ১০৮ এম্বুলেঞ্চ সেৱাৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।ইয়াৰ পাছত ততাতৈয়াকৈ ঘটনাস্থলিত দেৰগাঁও আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে।