Local, Vocal, Global

আজি এঘণ্টাৰ বাবে বিদ্যুতৰ ছুইছ বন্ধ কৰিবলৈ আহ্বান বিদ্যুত বিভাগৰ

নিউজ ডেস্ক, ২৬ মাৰ্চঃ আজি নিশা ৰাজ্যবাসীক নিশা ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈকে বিদ্যুতৰ ছুইছ বন্ধ কৰিবলৈ আহ্বান জনাইছে।
অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে শনিবাৰে বিশেষ জৰুৰী টুইটযোগে এই কথা ঘোষণা কৰে।

আজি নিশা ৮ বাজি ৩০ মিনিটৰ পৰা ৯ বাজি ৩০ মিনিটলৈকে সমগ্র বিশ্বতে পালন কৰা হ’ব “ধৰিত্রী ঘণ্টা”। এঘণ্টাজোৰা এই সময়ছোৱাত পৰিহাৰ কৰা হ’ব বৈদ্যুতিক পোহৰ।

WWF-Indiaৰ সমর্থনত ভাৰতৰ বিভিন্ন প্ৰান্ততো “ধৰিত্রী ঘন্টা” পালন কৰা হ’ব। “ধৰিত্রী ঘন্টা”ৰ সময়ছোৱাত সকলো লাইটৰে ছুইছ অফ কৰি ৰাখিবলৈ ৰাজ্যবাসীক অনুৰোধ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড । উক্ত সময়খিনিত কেৱল অত্যন্ত প্রয়োজনীয় লাইটসমূহে জ্বলাবলৈহে অনুৰোধ জনায়।

উল্লেখ্য যে, ধৰিত্ৰী ঘণ্টা হৈছে একমাত্ৰ পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ একমাত্ৰ গোলকীয় আন্দোলন, যিয়ে মানুহক এক উমৈহতীয়া উদ্দেশ্য আৰু অভিযানৰ বাবে একত্ৰিত কৰে। আৰ্থ আৱাৰ হৈছে পৃথিৱীৰ অন্যতম মুখ্য পৰিৱেশ আন্দোলন।