Local, Vocal, Global

উৎকোচ লৈ হাতে লোটে ধৰা পৰিল আবকাৰী বিভাগৰ অধ্যক্ষ

নিউজ ডেস্ক, ২৯ জুলাই : মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষকগৰাকীক দুৰ্নীতি বিৰোধী কোষ আৰু স্থানীয় আৰক্ষীয়ে ২০,০০০ টকাৰ উৎকোচ লোৱাৰ সময়ত ৰঙাহাতে ধৰা পেলাইছে।

অভিযোগ অনুসৰি বৰষা বৰা বৰদলৈ নামৰ অভিযুক্তগৰাকীয়ে এখন মুকলি দোকানৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ পৰিৱৰ্তে অভিযোগকাৰী চিন্ময় তামুলীৰ পৰা ১ লাখ টকা দাবী কৰিছিল।

পিছত, অভিযোগকাৰীয়ে দুৰ্নীতি বিৰোধী কোষটোক অৱগত কৰে, যাৰ পিছত তেওঁক ৰঙাহাতে ধৰিবলৈ জাল পাতে ।

অভিযোগকাৰীৰ পৰা ২০ হাজাৰ টকা উৎকোচ লোৱা সময়ত দুৰ্নীতি নিবাৰক শাখাৰ জালত আবকাৰী অধীক্ষক।

আনহাতে, তেওঁৰ বিৰুদ্ধে প্ৰাসঙ্গিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।