Local, Vocal, Global

নিকৃষ্ট ঘটনা সংঘটিত কৰিলে স্কুলৰ প্ৰধান শিক্ষকে

নিউজ ডেস্ক, ২৯ জুলাই : নিৰ্লজ্জ , নিকৃষ্ট ঘটনা। স্কুলৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপতাৰ হৈছে প্ৰধান শিক্ষক ।

কৰিমগঞ্জৰ বাজাৰিচৰা আৰক্ষী থানাৰ অন্তৰ্গত কালাচৰা ৬২ নম্বৰ এলপি স্কুলত সংঘটিত হৈছে এই নিকৃষ্ট ঘটনা।

খবৰ অনুসৰি স্কুল খনৰ প্ৰধান শিক্ষক কমলা কান্ত চিনহাই তেওঁৰ স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰীক নিজ কক্ষত মাতি আনি যৌন নিৰ্যাতন চলায় ।

আনহাতে, গোপন অংগত হাতেৰে যৌন নিৰ্যাতন চলোৱাৰ ফলত আঘাত প্ৰাপ্ত হয় শিশুটি । আনকি ভয়তে স্কুললৈ অহা বন্ধ কৰি দিয়ে কণমানিজনীয়ে ।

পিছত আঘাত প্ৰাপ্ত হোৱাৰ ফলত সকলো ঘটনা পৰিয়ালক অৱগত কৰে আৰু তাৰ পিছতেই বাজাৰিচৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰে পৰিয়ালৰ লোকে ।

গোচৰ ৰুজু হোৱাৰ লগে লগে কলংকিত শিক্ষক কমলা কান্ত চিনহাক গ্ৰেপতাৰ কৰে আৰক্ষীয়ে । বৰ্তমান কলংকিত শিক্ষকজনক শোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।