Watch | Examples of development during the BJP government: বিজেপি চৰকাৰৰ দিনত হোৱা উন্নয়নৰ নমুনা

সোণাৰি: চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত অতি গুৰুত্বপূৰ্ণ এটা পথৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা এবছৰ নহওঁতেই ভাঙি ছিঙি যাতায়তৰ অনুপযোগী হোৱা উপক্ৰম হৈছে।
চৰাইদেউ Teritorial Road Divisionৰ অন্তৰ্গত সোণাৰি নগৰৰ সৈতে বানফেৰা, ৰতনপুৰ চাহ বাগিচা হৈ ভজো সংযোগী ট্ৰলি আলি পথটোৰ নিৰ্মাণ কাৰ্য আজিৰ পৰা এবছৰ পূৰ্বে সম্পূৰ্ণ কৰি যাতায়াতৰ বাবে মুকলি কৰি দিয়া হৈছিল।
কিন্তু বাৰিষাৰ আৰম্ভণিৰ লগে লগে পথটোৰ বিভিন্ন ঠাইত বৰষুণৰ পানী জমা হৈ জৰাজীৰ্ণ হৈ পৰিছে। সোণাৰি নগৰৰ উপৰিও ৰজাপুখুৰী স্থিত জিলা অসামৰিক চিকিৎসালয়লৈ ৰোগী সকল যোৱা অতি চমু পথটো শীঘ্ৰেই মেৰামতীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।