CBI New Director: কৰ্ণাটকৰ প্ৰাক্তন ডিজিপি প্ৰবীণ ছুডে গ্ৰহণ কৰিলে CBI ৰ সঞ্চালকৰ দায়িত্ব
নেশ্যনেল ডেস্ক, ২৫ মে’: কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ ছুডে (Former Karnataka DGP Praveen Sood) বৃহস্পতিবাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’ৰ নতুন সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে (CBI New Director) ।
ভাৰতৰ প্ৰধান তদন্তকাৰী সংস্থাটোৰ সঞ্চালকৰ দায়িত্বত থকা সুবোধ কুমাৰ জয়ছোৱালৰ দুবছৰীয়া কাৰ্যকাল আজি সমাপ্ত হোৱা সেই স্থানত কৰ্ণাটক কেডাৰৰ ১৯৮৬ বেটছৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াগৰাকীয়ে দায়িত্বভাৰ গ্ৰহণ কৰে (1986 batch IPS officer) ।
১৯৮৬ বেটছৰ (কৰ্ণাটক কেডাৰ) আই পি এছ বিষয়া প্ৰবীণ ছুডে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’ৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে কৰ্ণাটকৰ আৰক্ষী সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল (Director of CBI Praveen Sood) ।
আই পি এছ বিষয়াগৰাকীয়ে প্ৰায় ৩৭ বছৰৰ দীঘলীয়া কাৰ্যকালৰ সময়চোৱাত বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত সফলভাৱে কাৰ্যনিৰ্বাহ কৰি আহিছে (Various important positions) ।
লগতে তেখেতে মৰিচাছ চৰকাৰৰ উপদেষ্টা হিচাপেও কাম কৰি আহিছে । তেখেতে বহুকেইটা উচ্চ পৰ্যায়ৰ নেট ৱৰ্থৰ ব্যক্তিৰ সৈতে জড়িত হাই-প্ৰফাইল গোচৰ নিষ্পত্তি কৰিবলৈ সক্ষম হৈছিল (Investigation of high profile cases involving high net worth individuals)। তাৰোপৰি আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰয্যায়ৰ বহু গোচৰৰ তদন্ত আৰু চাইবাৰ অপৰাধ, তথ্য প্ৰযুক্তিকে আদি কৰি বিভিন্ন অপৰাধৰ তদন্ত কৰাৰ লগতে সেইবোৰ উৎখাত কৰিবলৈ সক্ষম হৈছিল ।
লগতে পঢ়ক: Nitin Gadkari Threat Probe: নীতিন গাডকাৰীক ভাবুকি, তদন্ত কৰিব NIAৰ দলে