Erosion of Beki River: কলগাছিয়াৰ কাউৰজাহীত বেঁকী নদীৰ বিধ্বংসী ৰূপ
বৰপেটা, ১৩জুলাই : যোৱা কিছুদিন ধৰি বেঁকী নদীয়ে ধাৰণ কৰা ভয়াৱহ ৰূপে বিধ্বস্ত কৰি পেলাইছে বৰপেটা জিলাৰ কলগাছিয়াৰ অন্তৰ্গত এটা বৃহৎ অঞ্চল (Erosion of Beki River) । বেঁকী নদীৰ বাঢ়়নি পানীৰ ফলত অঞ্চলটোৰ শতাধিক পৰিয়ালৰ ঘৰবাৰী উছন হোৱাৰ লগতে নৈৰ বুকুত জাহ গৈছে গড়কাপ্টানী পথসহ বজাৰৰ বহু দোকান-পোহাৰ (Land erosion caused by Beki River ) ।
কলগাছিয়াৰ কাউৰজাহী, আমগুৰি, খাৰবাল্লী, বলাইপাথাৰকে আদি কৰি বহুকেইখন গাঁৱত বানৰ লগতে বেঁকী নদীৰ ভয়াবহ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Erosion by Beki river turns serious at kalgachia)। ফলত নদীপৰীয়া ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ হাহাকাৰৰ ।
নদীৰ গৰাখহনীয়াৰ ফলত কলগাছিয়াৰ পৰা লাচাংগালৈ যোৱা গড়কাপ্টানী পথটো ইতিমধ্য নদীৰ বুকুত জাহ গৈছে । বন্ধ হৈ পৰিছে কেইবাখনো গাঁৱৰ মাজৰ যাতায়ত ব্যৱস্থা । যোৱা ১৫ দিনত গৰাখহনীয়াই উছন কৰিছে শতাধিক পৰিয়ালৰ ভেটি মাটিৰ লগতে কৃষিভুমি ( (Erosion by Beki river turns serious at kalgachia)।
ইপিনে নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু যাতায়তৰ একমাত্ৰ পথচোৱা ৰক্ষাৰ বাবে জনীয়া সমষ্টিৰ বিধায়ক ড৽হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকক অনুৰোধ কৰাৰ পাছতো জনপ্ৰতিনিধিকেইগৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ( (Land erosion caused by Beki River) ।
স্থানীয় ৰাইজে এইসকল জনপ্ৰতিনিধিৰ কৰ্মকাণ্ডত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বিধায়ক ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকে সমষ্টিবাসীৰ সুখ দুখৰ খবৰ নাৰাখি অধিক সময় দিল্লী দিছপুৰতে কটাই বুলি উল্লেখ কৰি সমালোচনা কৰে। লগতে সমাগত লোকসভা আৰু বিধানসভা নিৰ্বাচনত দুয়োগৰাকী প্ৰতিনিধিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব বুলিও ভুক্তভোগী লোকসকলে ক্ষোভেৰে প্ৰকাশ কৰে ।
উল্লেখ্য যে, পথছোৱা নদীৰ বুকুত জাঁহ যোৱাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, কৃষকৰ কৃষিজাত ফচল চপোৱা, ব্যৱসায়-বানিজ্য আদিৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাত পৰা বুলিও কয় স্থানীয় লোকসকলে ।
লগতে পঢ়ক : Elephant menace in Jamugurihat: জামুগুৰিহাটত বন্যহস্তীৰ তাণ্ডৱ