Local, Vocal, Global

Elephant menace in Jamugurihat: জামুগুৰিহাটত বন্যহস্তীৰ তাণ্ডৱ

জামুগুৰিহাট, ১২জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Jamugurihat)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ জামুগুৰিহাটত হাতী মানুহৰ সংঘাত ( Man Elephant confli in Jamugurihat)। জামুগুৰিহাটত বন্যহস্তীৰ তাণ্ডৱত শংকিত হৈ পৰিছে অঞ্চলবাসী । নিশা বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে ভাঙি লণ্ড ভণ্ড কৰিলে বাসগৃহ।

বনৰীয়া হাতীৰ জাকটোৱে জামুগুৰিহাটৰ অঞ্চলজুৰি ৰাইজৰ খেতিখোলা মহতিয়াই তহিলং কৰাৰ লগতে ৰাইজৰ বাসগৃহ পৰ্য্যন্ত ভাঙি তহিলং কৰিছে। নিশা বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকটোৰ পৰা এটা প্ৰকাণ্ড হাতী ফালৰি কাতি আহি বুধবাৰে পুৱতি নিশাই জামুগুৰিহাটৰ ২নং বৰদিকৰাইৰ লক্ষণ গোৱালাৰ ঘৰত প্ৰৱেশ কৰি বাসগৃহৰ পকী দেৱাল ভাঙি তহিলং কৰাৰ লগতে খাই পেলাই চাউলকে ধৰি অন্যান্য খাদ্য সামগ্ৰী ৷ সৌভাগ্যক্ৰমে হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে পৰিয়ালটোৰ লোকসকল ৷

উল্লেখ্য যে, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটোৰ মংগলবৰীয়া,খৃষ্টানবস্তি, মিলন পুৰ আদি অঞ্চলত বিগত কেইবা দিনো ধৰি উপদ্ৰপ চলাই আহিছে ৷ স্থানীয় ৰাইজে এই সম্পৰ্কে বনবিভাগক খবৰ কৰিছে আৰু এই ক্ষেত্ৰত ৰাইজে বনবিভাগক বিহিত ব্যৱস্থা গ্ৰহনৰ কৰাৰ বাবে দাৱী জনাই আহিছে যদিও বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহনৰ দাৱী কৰিছে ৰাইজে ৷ বনৰীয়া হাতী খেদি পঠোৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বন বিভাগৰ লোকে ৷

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : Assam police shot drug Smuggler : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা