Ajmal Slams BJP: ধুবুৰীত বদৰুদ্দিন আজমলৰ পুনৰ বিতৰ্কিত মন্তব্য
ধুবুৰী, ১৩জুলাই : আগন্তুক লোকসভা নিৰ্বাচন। আগন্তুক লোক সভা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে বিৰোধী দল আৰু শাসনাধিস্থিত বিজেপি দলেও । সমাগত লোকসভা নিৰ্বাচনৰ লগে লগে গৰম হৈ পৰিছে ৰাজনৈতিক মহল। বিৰোধীক পৰাস্ত কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰিছে বিৰোধী দলে ।
নিৰ্বাচনৰ অহাৰ লগে লগে ইটোৰ পিছত সিটো মন্তব্য প্ৰদান বিৰোধী নেতা তথা শাসক দলৰ । পিছপৰি থকা নাই এ আই ইউ ডি এফো । ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে বদৰুদ্দিন আজমলে । বুধবাৰে ধুবুৰীৰ চৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে (Ajmal Slams BJP at a public meeting in Dhubri)।
এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলে ধুবুৰীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি পুনৰ বিতৰ্কিত মন্তব্য কৰে (Ajmal Slams BJP) । আজমলে সভাত কয় যে, , “মই বিজেপি চৰকাৰক এই কথাই ক’ম, আপোনালোকে ইউনিফৰ্ম চিভিল কোড লগাওক । আমি শাড়ী পিন্ধিম কাইলৈৰ পৰা , আপোনালোকেও শাড়ী পিন্ধিব । এবছৰ আমি দাড়ি ৰাখিম, আন এক বছৰত তোমালোকে দাড়ি ৰাখিবা ।”ইয়াৰ উপৰিও সাংসদ গৰাকীৰ ভাষ্য চৰকাৰ এতিয়া মাৰোৱাৰীয়ে চলাইছে। মুখ্যমন্ত্ৰীয়ে মাৰোৱাৰী সকলৰ পৰা যোৱা নিৰ্বাচনত টকা ধাৰ লোৱাৰ বাবেই এতিয়া মূল্যবৃদ্ধিৰ দ্বাৰা টকা খিনি উঠাই মাৰোৱাৰী ভাইসকলক দি আছে। আগন্তক নিৰ্বাচনত আৰু টকা ধাৰ ল’ব (Ajmal Slams BJP at a public meeting in Dhubri)।
লগতে মুখ্যমন্ত্ৰীয়ে মিঞা আৰু অসমীয়াক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে , অসমীয়া-মিঞা দুইটাই ভাই ভাই। “মিঞা নহ’লে অসমীয়া কেনেকৈ হয়। মিঞা নোহোৱাকৈ অসম নাথাকে ।‘মিঞা’ সম্পূৰ্ণ নহ’ব যেতিয়ালৈ ‘অসম’ নাথাকে, আৰু ‘অসম’ৰ লগত যদি ‘মিঞা’ নাথাকে, সেইটোও কোনোদিন পূৰা নহ’ব। গতিকে ইয়াক বিভাজন নকৰাটো ভাল ।
আনহাতে, ৰকিবুল হুছেইন ধুবুৰীৰ প্ৰাৰ্থী হ’লে ১০ লাখ টকাৰ সাহায্য প্ৰদান কৰিব বুলি মন্তব্য প্ৰদান কৰে বদৰুদ্দিন আজমলে। লগতে বদৰুদ্দিন আজমলে কয় , “ভূপেন বৰাই ৰাজনীতি এৰি ৰাম ৰাম হৰি ৰাম জাপি থাকক।
ইপিনে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইন অথবা ৱাজেদ আলী চৌধুৰীৰ লগতে কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ ছলমান খানে আজমলৰ বিৰুদ্ধে নিৰ্বাচন খেলিব বুলি আজমলৰ প্ৰতিক্ৰিয়াত আজমলে কয়, “যেতিয়া মোৰ বিৰুদ্ধে ধুবুৰীৰ পৰা নিৰ্বাচন খেলিব তেতিয়া ৰকিবুলকো ১০ লাখ, ৱাজেদকো ১০ লাখ টকা দি সহায় কৰিম ।
লগতে পঢ়ক : Erosion of Beki River: কলগাছিয়াৰ কাউৰজাহীত বেঁকী নদীৰ বিধ্বংসী ৰূপ