Local, Vocal, Global

দৰং জিলাত উপস্থিত ৰাজ্যপাল গোলাপ চান্দ কাতাৰীয়া

ডিজিটেল ডেস্ক:- দৰং জিলাত উপস্থিত ৰাজ্যপাল গোলাপ চান্দ কাতাৰীয়া। পৰিদৰ্শন কৰিলে টাংনী চাহবাগিছা আদৰ্শ বিদ্যালয় আৰু মঙলদৈ দক্ষতা বিশ্ববিদ্যালয় ৷ টাংনী চাহবাগিছা আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে ৰাজ্যপাল কাতাৰীয়াই ৷ আজি দৰং জিলাৰ কেইবাটাও কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে ৰাজ্যপাল গোলাপ চান্দ কাতাৰীয়াই ৷

বিশেষকৈ অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয় টাংনী চাহ বাগিছা আদৰ্শ বিদ্যালয় ,মঙলদৈ কেঞ্চাৰ কেয়াৰ হাস্পতাল পৰিদৰ্শন কৰি আবেলি জিলাৰ সকলো বিভাগৰ মুৰব্বীৰ লগত উপায়ুক্তৰ কাৰ্যালয়ত আলোচনাত মিলিত হয় ৷ উল্লেখযোগ্য যে টাংনী চাহবাগিছা আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰাৰ লগতে শিক্ষকসকলৰ শিক্ষণ প্ৰণালীৰ বুজ লয় আৰু ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যপাল কাতাৰীয়াক গামোচাৰে আদৰণি জনায় ৷

ৰাজ্যপালগৰাকীয়ে অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় আৰু মুখ্যমন্ত্ৰীৰ সপোনৰ এই আঁচনি কম সময়ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ দক্ষতাযুক্ত ছাত্ৰ-ছাত্ৰী ওলাই আহিব বুলি আশা প্ৰকাশ কৰে ৷