মৃত্যুৰ পাছত সুশান্ত সিং ৰাজপুতক বলীউডে কৰিলে সন্মানীত, দিয়া হ’ল দাদা চাহেব ফাল্কে বঁটা
শনিবাৰে মুম্বাইত দাদা চাহেব ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেল-২০২১ অনুষ্ঠিত হয় । অনুষ্ঠানটোত বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতক critics best actor সন্মানেৰে সন্মানিত কৰা হয়। বিগত বৰ্ষৰ ১৪ জুন তাৰিখে এই পৃথিৱীৰ পৰা চিৰ বিদায় লয় সুশান্তে।
সুশান্ত সিঙে Kai Po che,M S Dhoni, Chichore , Dil Bechara ৰ দৰে চুপাৰহিট ছবিত অভিনয় কৰি দেশবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। এই দাদা চাহেব ফালকে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ আনুষ্ঠানিক ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে সুশান্ত সিং ৰাজপুতৰ এখন ফটোৰ লগত এই বঁটা ঘোষণা কৰে।
দাদা চাহেব ফালকে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ কৰ্মকর্তা সকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা বাণীৰ পত্ৰ প্ৰেৰণ কৰে। পত্ৰ খনত প্ৰধানমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটোত বঁটা লাভ কৰা সকলো বিজয়ীলৈ অন্তৰৰ পৰা শুভেচ্ছা জনায়।