Endangered Channa Barca Fish Rescued At Guwahati Railway Station :গুৱাহাটী ৰে’লৱে ষ্টেচনত উদ্ধাৰ ৩১ টা বিলুপ্তপ্ৰায় প্ৰজাতিৰ পিপলি চেং মাছ
নিউজ ডেস্ক,২অক্টোবৰ : বহিঃৰাজ্যলৈ সৰবৰাহ বিলুপ্তপ্ৰায় মাছ । বহিঃৰাজ্যলৈ সৰবৰাহ চেষ্টা কৰোতে উদ্ধাৰ ৩১ টা বিলুপ্তপ্ৰায় প্ৰজাতিৰ পিপলি চেং মাছ ।গুৱাহাটী ৰে’লৱে ষ্টেচনত উদ্ধাৰ বিলুপ্তপ্ৰায় মাছ খিনি ।
মঙলবাৰে বিয়লি এক গোপন সূত্ৰৰ পম খেদি বন বিভাগৰ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে চৰকাৰী ৰে’লৱে আৰক্ষী (জি আৰ পি) ৰ সহযোগত গুৱাহাটী ৰে’লৱে ষ্টেচনত এক অভিযান চলাই । অভিযানত ৰে’লেৰে বহিঃৰাজ্যলৈ নিয়াৰ প্ৰাকমুহূৰ্তত ৩১ টা বিলুপ্তপ্ৰায় প্ৰজাতিৰ পিপলি চেং মাছ উদ্ধাৰ কৰে(Endangered Channa Barca Fish Rescued At Guwahati Railway Station) ।
লগতে ঘটনা সন্দৰ্ভত তিনিজন সৰবৰাহকাৰীক আটক কৰে অভিযানকাৰী দলটোৱে । আটক কৰা সৰবৰাহকাৰী তিনিটা ক্ৰমে- দৰং জিলাৰ দলগাঁৱৰ আব্দুল কালাম, শ্যামপুৰৰ হানিফ আলী আৰু ছিপাঝাৰৰ চাহিজী আলম বুলি চিনাক্ত কৰা হৈছে । সন্দেহ কৰা অনুসৰি মাছখিনি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কৌশলৰে অনা হৈছিল আৰু ৰে’লযোগে কলকাতালৈ নিয়াৰ কথা আছিল ।
বন বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা ৰে’লযোগে বহিঃৰাজ্যলৈ মাছ সৰবৰাহ কৰা হ’ব বুলি গোপন সূত্ৰৰ জৰিয়তে জানিব পাৰি গুৱাহাটীৰ বনাঞ্চলিক বিষয়া হেমন্ত অধিকাৰীৰ নিৰ্দেশত কালাপাহাৰ, খানামুখ আৰু হেঙেৰাবাৰীৰ খণ্ড বন বিষয়া ক্ৰমে প্ৰহ্লাদ গায়ন, জিন্তুমণি তালুকদাৰ আৰু বিদ্যুৎ দাসৰ নেতৃত্বত এটা বনকৰ্মীৰ দল দুপৰীয়াৰ পৰা গুৱাহাটী ৰেলৱে ষ্টেচনত খাপ পিটি আছিল ।
বিয়লি ২ টা কাৰ্টনত মাছখিনি ৰে’লৱে ষ্টেচন আহি পোৱাৰ পাছতেই বনকৰ্মীৰ দলটোৱে জি আৰ পিৰ সহযোগত তিনিও সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।