Elephant menace in Bihali : বিহালীৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ তাণ্ডৱ
নিউজ ডেস্ক,২অক্টোবৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Bihali )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে । ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বিহালীৰ বিহমাৰী, বৰাজুলী, বেদেতী, শিয়ালমাৰী আদি অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে ।বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে নিদ্ৰা হৰণ কৰিছে অঞ্চলটোৰ খেতিয়ক ৰাইজৰ।
কাজিৰঙাৰ ষষ্ঠ সংযোজনাৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় শতাধিক বনৰীয়া হাতীৰ জাকে আবেলি পৰৰ পৰা ওৰে নিশা তাণ্ডৱ চলাই তহিলং কৰিলে শ শ বিঘা ধাননি পথাৰৰ ধান খেতি। কপালৰ ঘাম মাটিত পেলাই খেতি কৰা ধাননি পথাৰত বনৰীয়া হাতীৰ জাকে নষ্ট কৰি পেলোৱাত মূৰে কপালে হাত দিছে খেতিয়ক ৰাইজে।
গোটেই ৰাতি স্থানীয় ৰাইজে হাতী খেদাত ব্যস্ত হৈ থকাৰ বিপৰীতে নিদ্ৰামগ্ন হৈ থকাৰ অভিযোগ তুলিছে বন বিভাগক । এই ক্ষেত্ৰত চৰকাৰ আৰু বন বিভাগৰ লোকক ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ দিয়াৰ দাবী তুলিছে অঞ্চলটোৰ ৰাইজে।