নুনমাটি শোধনাগাৰত দীৰ্ঘদিন ধৰি চলি থকা দুৰ্নীতিৰ অৱসান

নিউজ ডেস্ক, ১ ছেপ্তেম্বৰ : বৃহস্পতিবাৰে গুৱাহাটী আৰক্ষীয়ে জালিয়াতি কৰাৰ অভিযোগত নুনমাটি শোধনাগাৰৰ এজন শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ কৰে।
বাতৰি অনুসৰি, দীৰ্ঘদিন ধৰি শোধনাগাৰত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে ইণ্ডিয়ান অইল কৰ্পোৰেচন (IOC)ৰ কৰ্তৃপক্ষলৈ ই-মেইলযোগে বিষয়া বীৰেন্দ্ৰ কুমাৰ ঝাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।
অভিযোগ পোৱাৰ পিছত, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন চমুকৈ IOCয়ে গুৱাহাটী শোধনাগাৰৰ উচ্চ বিষয়াসকলক বিষয়টোৰ বিষয়ে অনুসন্ধান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।
পৰৱৰ্তী সময়ত, ২০২২ চনৰ ৩ জুনত গুৱাহাটী শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক হিতাজী ভট্টাচাৰ্যই ঘটনাসন্দৰ্ভত নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।
পুলিছে এক পুংখানুপুংখ অনুসন্ধান কৰাৰ পিছত এটা মোবাইল ফোন উদ্ধাৰ কৰে আৰু তাৰ দ্বাৰা তেওঁলোকে জ্যেষ্ঠ মেনেজাৰজনক চিনাক্ত কৰে।
বীৰেন্দ্ৰ কুমাৰ ঝাক আজি নুনমাটি আৰক্ষীয়ে শোধনাগাৰ চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰিছে।