Local, Vocal, Global

নিজ পত্নীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ স্বামী

নিউজ ডেস্ক, ১ আগষ্ট : অসমৰ এক মুখ্য উদ্যোগিক নগৰ তিনিচুকীয়া জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ পেংগেৰীৰ (Pengeri) ওচৰৰ চিকৰাজান (Sikorajan) অঞ্চলত নিজ পত্নীক হত্যা কৰাৰ অভিযোগত (Uxoricide) এজন লোকক আটক কৰা হৈছে।

অভিযুক্ত স্বামীজনক জুৱেল টিকাৰ্কি (Margita Tikarki) আৰু মৃত মহিলাগৰাকীক মাৰ্গিটা টিকাৰ্কি বুলি চিনাক্ত কৰা হৈছে।

বাতৰি অনুসৰি, জুৱেলে তেওঁৰ পত্নীক জ্বলান্ত খৰিৰে মৰিয়াই হত্যা কৰিছিল।

স্থানীয় লোকসকলে দাবী কৰিছিল যে স্বামী-পত্নীয়ে সঘনাই এনে কাৰণত তৰ্ক কৰিছিল যিবোৰ কেৱল তেওঁলোকেহে জানিছিল, যদিও এই হত্যাকাণ্ডৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই।

ঘটনাটোৰ পিছত, পেংগেৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে প্ৰাসঙ্গিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি অভিযান অব্যাহত ৰাখিছে।