Local, Vocal, Global

ৰঙিয়াৰ বঙালীকুছিত ড্ৰাগছ সৰবৰাহকাৰীক এনকাউন্টাৰ

নিউজ ডেস্ক, ২৮ মাৰ্চ : ৰাজ্যত সমাপ্তি হোৱা নাই এনকাউন্টাৰৰ ঘটনা । আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যিমানে সক্ৰিয় হৈ উঠিছে, ড্ৰাগছ মাফিয়া সকলে সিমানে নতুন নতুন কৌশল অৱলম্বন কৰি আৰক্ষীৰ চকুত ধুলি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে ।

ৰঙিয়াৰ বঙালীকুছিত ড্ৰাগছ সৰবৰাহকাৰীক এনকাউন্টাৰ

আনহাতে, ৰঙিয়াৰ বঙালীকুছিত ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীৰ এনকাউন্টাৰ । আহত ড্ৰাগছ সৰবৰাহকাৰী বিদ্যুৎ দেৱ ওৰফে বিপ্লৱ । গুলীবিদ্ধ বিদ্যুৎ দেৱ বৰ্তমান GMCH ত চিকিৎসাধীন হৈ আছে । ২ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৰঙিয়া আৰক্ষীয়ে । দুয়োজন ড্ৰাগছ ব্যৱসায়ীয়ে পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলী চালনা কৰিছিল আৰু আৰক্ষী এই গুলী চালনাত আহত হয় এজন ড্ৰাগছ মাফিয়া ।