Local, Vocal, Global

কিয় গ্ৰেপ্তাৰ কৰিলে অৰুণাচলৰ আৰক্ষীয়ে অসমৰ চিত্ৰ শিল্পীক?

নিউজ ডেস্ক, ২৮ মাৰ্চ : অসমৰ এজন চিত্ৰ শিল্পীক অৰুণাচল আৰক্ষীৰ গ্ৰেপ্তাৰ। গুৱাহাটীৰ নব নিৰ্মিত উৰণীয়া সেতুকে ধৰি বিভিন্ন ঠাইত চিত্ৰ অংকন কৰি সমাদৰ লাভ কৰা অসমৰ চিত্ৰ শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ।

জানিব পৰা মতে এখন দেৱালত অংকন কৰা চিত্ৰৰ বাবেই অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অসমৰ চিত্ৰশিল্পী গৰাকীক।বৃহত্‍ নদীবন্ধৰ বিৰোধিতাৰে নীলিম মহন্তই অংকনকৰিছিল এখন চিত্ৰ। অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO BIG DAM লিখাৰ অভিযোগ নীলিম মহন্তৰ বিৰুদ্ধে।