Local, Vocal, Global

অৰুণাচলৰ তিনিখন জিলাত পুনৰ ৬ মাহলৈ বলৱৎ হ’ব আফছপা

নিউজ ডেস্ক,১ এপ্ৰিলঃ গৃহ মন্ত্ৰালয়ে জাৰি কৰা জাননী অনুসৰি অৰুণাচলৰ তিনিখন জিলাত ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈ আফছপা আইন কাৰ্যকৰী হৈ থাকিব ।

ইয়াৰ উপৰিও অৰুণাচলৰ নামচাই আৰু মহাদেৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলতো আফছপা সম্প্ৰসাৰণ কৰিছে ।

অৰুণাচল প্ৰদেশৰ তিনিখন জিলা ক্ৰমে তিৰাপ, চাংলাং আৰু লংডিঙত আফছপা আইনৰ ম্যাদ পুনৰ ৬ মাহলৈ বৃদ্ধি কৰা হৈছে।

তিনিখন জিলা আৰু অসমৰ সীমান্তৱৰ্তী নামচাই আৰু মহাদেৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলবোৰক কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছে।