Local, Vocal, Global

বিশ্বনাথত নাবালিকা বলাৎকাৰীক এনকাউণ্টাৰ

নিউজ ডেস্ক, ৪ এপ্ৰিলঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰ। বিশ্বনাথত শিশু বলাৎকাৰীলৈ আৰক্ষীৰ গুলী। গুলীবিদ্ধ অভিযুক্ত কাঠনিবাৰীঘাটৰ মুহিম শৰ্মা।

৫৬ বছৰীয়া বৃদ্ধ শৰ্মাৰ বিৰুদ্ধে নাবালিকাক বলাৎকাৰৰ অভিযোগ উত্থাপন হৈছিল।

উল্লেখ্য যে, দেওবাৰে গঞাই চুলি খুৰাই, চূণ লেপি, চেণ্ডেলৰ মালা পিন্ধাই শাস্তি বিহিছিল বলাৎকাৰীজনক । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কৰায়ত্ব কৰে অভিযুক্ত মুহিম শৰ্মাক।

মাজনিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলীচালনা কৰে। ভৰিত গুলীবিদ্ধ অভিযুক্ত মুহিম শৰ্মাক বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।