Local, Vocal, Global

২৮ এপ্ৰিলত ডিব্ৰুগড়ত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক,৪ এপ্ৰিলঃ অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদত টাটা ফাউণ্ডেচনৰ অৰ্থ সাহায্যত নিৰ্মাণ হোৱা কেন্সাৰ হাস্পতালখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাইজৰ সেৱাৰ বাবে অৰ্পন কৰিব।

ডিব্ৰুগড়ত নিৰ্মাণ হৈ থকা কেন্সাৰ হাস্পতালৰ নিৰ্মাণৰ অৱস্থাৰ বুজ লৈ দেওবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে সেইদিনা বিয়লিৰ ভাগত খনিকৰ আৰক্ষী সংৰক্ষিত ক্ষেত্ৰত এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব। মোডীৰ ডিব্ৰুগড় ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী শৰ্মাই দেওবাৰে সমগ্ৰ অঞ্চলটোৰ বুজ লোৱাৰ লগতে ডিব্ৰুগড়ৰ খনিকৰ আৰক্ষী সংৰক্ষিত অঞ্চল পৰিদৰ্শন কৰে। 

প্ৰধানমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণত কোনো ধৰণৰ ত্ৰুটি যাতে নাথাকে তাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।