Local, Vocal, Global

বদৰপুৰত ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ

নিউজ ডেস্ক,৪ এপ্ৰিলঃ বদৰপুৰত বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ জব্দ। কৰিমগঞ্জৰ বদৰপুৰ ৰে’ল ষ্টেচনৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে চাৰিটা ৭.৬৫ এম এম পিষ্টল, ৮টা মেগজিন, ১৫ জাঁই সক্ৰিয় গুলি।

বদৰপুৰ ৰে’ল আৰক্ষীৰ অভিযানত এই মাৰাণাস্ত্ৰসমূহ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ এই অভিযানত তিনিজনৰ ভিতৰত এজন পলায়ন কৰে যদিও দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

আটকাধীন লোক দুজন বিহাৰৰ শাপলা জিলাৰ সুমন কুমাৰ আৰু বিকাশ তিৱাৰী। আনহাতে পলায়ন কৰা লোকজন ইন্দ্ৰজিৎ কুমাৰ বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, গুৱাহাটীৰ পৰা আগৰতলা অভিমুখী ট্ৰেইন নোপোৱাৰ ফলত বদৰপুৰ ৰে’ল ষ্টেচনৰ এখন নিৰ্মীয়মান উৰণীয়া সেঁতুৰ তলত তিনিজন লোক লোক বহি থকা প্ৰত্যক্ষ কৰিছিল ৰে’ল আৰক্ষীয়ে।

আৰক্ষীৰ দলটোক দেখা পাই লোক তিনিজন পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ৰে’ল আৰক্ষীয়ে আটকাধীন লোক দুজনক জেৰা কৰি তদন্ত অব্যাহত ৰাখিছে।