Local, Vocal, Global

পুনৰ এনকাউন্টাৰৰ ঘটনা , হাইলাকান্দিত নিহত কুখ্যাত কয়ল‍া ব্যবসায়ী

নিউজ ডেস্ক,১ মে:-ৰাজ্যত পুনৰ সংগঠিত হৈছে এক এনকাউন্টাৰৰ ঘটনা । এইবাৰ এনকাউন্টাৰ ঘটনা হাইলাকান্দি জিলাত ।

হাইলাকান্দিত আৰক্ষীৰ গুলিত নিহত হৈছে বৰাক উপত্যকাৰ কুখ্যাত কয়ল‍া ব্যবসায়ী আব্দুল আহাদ চৌধুৰী । যোৱা নিশা আনুমানিক ১.৩০ বজাত হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ সিমান্তত থক‍া লক্ষ্মীনগৰ এলেকাত সংগঠিত হয় এই এনকাউন্টাৰৰ ঘটনা।

পিছতে মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতাললৈ লৈ আহে । বৰ্তমানে মৃতদেহটো হাস্পতালৰ মৰ্গত ৰখা আছে ।

যোৱা কালি হাইলাকান্দি আৰক্ষীয়ে কৰিমগঞ্জ জিলাৰ সুতাৰকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছিলে ব্যবসায়ী আব্দুল আহাদক ।

যোৱা ১০ এপ্ৰিল হাইলাকান্দি জিল‍াৰ লালা আৰক্ষী চকিৰ অধীনৰ গাগলাছেড়া এলেকাৰ পৰা এট‍া ভূৱা নথি থকা কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিছিলে আৰু এই ঘটনাৰ সূত্ৰ ধৰি শনিবাৰ পুৱতিনিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আব্দুল আহাদক ।

ইপিনে, হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰব উপাধ্যায়ে দিয়া তথ্য অনুসৰি, ধৃত আব্দুল আহাদক গ্ৰেপ্তাৰ কৰাৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতালত লৈ যোৱাৰ সময়ত কৌশলে পল‍ায়ন কৰে আহাদে ।আৰু তাৰ পিছতে কৰিমগঞ্জ জিলাত পলাই যোৱাৰ খবৰ আহিলে আৰক্ষী বাহিনী তাক বাধা দিবলৈ উপস্হিত হৈছিল ।

আব্দুল আহাদ চৌধুৰীয়ে আৰক্ষীক লক্ষ কৰি গুলি চালনা কৰিলে প্ৰত্যুত্তৰত চলোৱা আৰক্ষীৰ গুলিত মৃত্যু হয় কয়ল‍া ব্যবসায়ী আব্দুল আহাদৰ ।

উল্লেখযোগ্য যে,নিহত আব্দুল আহাদ চৌধুৰী বৰাক উপত্যকাত চলা অবৈধ কয়লা ব্যবসায়ৰ মূখ্য অভিযুক্ত আছিলে । তাৰ বিৰুদ্ধে ৰাজ্য বিভিন্ন থ‍ানা সহ প্ৰতিবেশী ৰাজ্য সমূহত প্ৰ‍ায় অৰ্ধশতাধীক গোচৰ ৰজু হৈ আছে ।