এক আজৱ প্ৰতিবাদ, নগৰবেৰাত শিল্পীয়ে ছবি আঁকি সাব্যস্ত কৰিলে প্ৰতিবাদ

নিউজ ডেস্ক, ১ মে:- বিধ্বস্ত ৰাজপথ ,ৰাজপথত পুখুৰী সদৃশ পৰিবেশ ,জলমগ্ন ৰাজপথৰ পুখুৰীত শিল্পীয়ে কৰিলে ছবি আঁকি প্ৰতিবাদ ।
নগৰবেৰাৰ জলমগ্ন ৰাজপথৰ পানীত নামি চিত্ৰাংকনত ব্যস্ত অৰূপ বৈশ্য নামৰ এগৰাকী আদহীয়া শিল্পী ।
নগৰবেৰাৰ পৰা চুকুনীয়াপাৰা লৈ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানি পথচোৱা অতিকে বিধ্বস্ত ,যাতায়তৰ সম্পূৰ্ণ অনুপযোগী ।
বছৰ-বছৰ ধৰি সদাব্যস্ত পথত বিপজ্জনক ভাবে ৰাইজে কৰি আহিছে নিত্য যাতায়ত
ৰাইজৰ যাতায়ত বিপৰ্যয় দেখি আলসুৱা মন কুমলিল শিল্পী অৰূপ বৈশ্যৰ আৰু ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণৰ বাবে হাতত ল’লে এই ব্যতিক্ৰমী পন্থা ।
বিধ্বস্ত ,জলমগ্ন পথত ৰং-তুলিকা লৈ এইদৰে পথচোৱাৰ যোগীপাৰা গাঁৱত প্ৰতীকী ৰূপত অংকন কৰিলে খলাবমা ৰাজপথটি ।