Local, Vocal, Global

পুনৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত

নিউজ ডেস্ক,৬ এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে এনকাউণ্টাৰৰ ঘটনা। বিগত ২৪ ঘণ্টাৰ ভিতৰত চিৰাঙত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। চিৰাং আৰক্ষীৰ গুলীত নিহত হৈছে এজন দৰ্ধৰ্ষ ডকাইত। নিহত ডকাইতজন মনজিৎ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে ।

মঙলবাৰৰ নিশা চিৰাঙৰ আই নৈৰ ওপৰত থকা হাগ্ৰামা দলঙৰ ওচৰত এই এনকাউন্টাৰৰ ঘটনাটো সংঘটিত হৈছে।

আৰক্ষীৰ এনকাউণ্টাৰত নিহত ডকাইত মনজিত বসুমতাৰী চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত কিষানবাজাৰ- খামাৰপাৰাত মঙলবাৰে নিশা ৰাজা বড়োৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে দাবী কৰে।

চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাই জানিবলৈ দিয়া মতে নিশা মনজিৎ বসুমতাৰীয়ে অসমৰ পৰা পলায়ন কৰাৰ উদ্দেশ্যে বঙাইগাঁও ৰে’লষ্টেচন অভিমুখে গৈ থকাৰ সময়তে ৰে’লষ্টেচনৰ সমীপৰ ৰে’লগেটৰ পৰা চিৰাং আৰক্ষীয়ে আটক কৰে।

এই এনকাউণ্টাৰত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সোঁ হাতত দুটাকৈ গুলী লগা প্ৰকাশ মেধী বৰ্তমান জি এম চি এইচ্চত চিকিসাৎধীন হৈ আছে।