Local, Vocal, Global

পাকিস্তানতকৈ ভাৰতত থকা মুছলমান অধিক সুৰক্ষিত-বিজেপি নেতা বিনোদ টাওড়ে

নিউজ ডেস্ক,৬ এপ্ৰিলঃ মঙলবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব বিনোদ টাওড়ে কয় যে, ” ভাৰতৰ মুছলমান লোকসকল পাকিস্তানতকৈ বেছি সুৰক্ষিত আৰু তেঁওলোকে বিজেপিৰ শাসনত নিজকে সুৰক্ষিত অনুভৱ কৰে।”

কাশ্মীৰ ভ্ৰমণৰ সময়ত টাওড়েই এক সভা সম্বোধন কৰি এই মন্তব্য কৰে। লগতে তেঁও কয় যে, মুছলমান লোকসকলৰ সুৰক্ষাৰ বাবে আৰু অধিক পদক্ষেপ গ্ৰহণ কৰা হ’ব।

তেঁও কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত থকা চৰকাৰখনে সমগ্ৰ বিশ্বৰ বৃহৎ গণতন্ত্ৰৰ ১২৫ কোটি লোকৰ বাবে কাম কৰে।

তেওঁ কয় যে বিজেপিৰ কৰ্মকৰ্তা সকলে কেতিয়াও জিৰণি নলয়, তেওঁলোকে প্ৰতিদিনেই সাধাৰণ জনতাৰ বাবে কাম কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে একমাত্ৰ এনে মুখ্যমন্ত্ৰী যিয়ে দিপাৱলী উদযাপন কৰিছে আৰু বানপানীৰ সময়ত বিভিন্ন অঞ্চল গৈ ৰাইজৰ ওচৰত থিয় দিছে।

উল্লেখ্য যে, এই সময়চোৱাত তেওঁ বিৰোধীক লৈ বিভিন্ন কটাক্ষমূলক মন্তব্য কৰে। বিৰোধীক ভ্ৰষ্টাচাৰ, আৰাজকতাৰ সৃষ্টি কৰা বুলি কয় তেওঁ।