Local, Vocal, Global

ৰাজ্যত পুনৰ এনকাউণ্টাৰ , গোৱালপাৰাত এনকাউণ্টাৰত আহত এজন

নিউজ ডেস্ক,৩০ মাৰ্চঃ গোৱালপাৰাত পুনৰ এনকাউণ্টাৰ। গোৱালপাৰাৰ ৰাক্ষসিনীত আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় মষ্ট ৱাণ্টেড আব্দুৰ ৰহমান ।

গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক মৃণাল ডেকাই জনোৱা মতে, আব্দুৰ ৰহমান ওৰফে ৰিংকু চুৰি, ডকাইতি, অপহৰণ, ধৰ্ষণ আদি বিভিন্ন অপৰাধজনিত গোচৰত অভিযুক্ত আছিল আৰু আৰক্ষীৰ বাবে মষ্ট ৱাণ্টেড আছিল।

উল্লেখ্য যে, দুধৰ্ষ ডকাইত আব্দুৰ ৰহমানে ৰাক্ষসিনীৰ বিকাশ ৰাভা নামৰ এজন যুৱকক যোৱা ১২ মাৰ্চত অপহৰণ কৰি ভাৰত-বাংলাদেশ সীমান্তত ৫ লাখ টকাত বিক্ৰী কৰিছিল।

ইয়াৰপিছতেই মৰণৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই গোৱালপাৰা আৰু কৃষ্ণাই আৰক্ষীৰ সহযোগত অভিযান চলাই মেঘালয়ৰ বাঘমৰাৰ পৰা আব্দুৰ ৰহমানক আটক কৰি বিকাশ ৰাভাক উদ্ধাৰ কৰে।

আটক কৰাৰ পিছতেই আব্দুল ৰহমানে ঘৰৰ ওচৰতে পিষ্টল থকা বুলি কয় পিষ্টল আনিবলৈ গৈ পলায়ন কৰিব ধৰোতে আৰক্ষীয়ে গুলীচালনা কৰাত আহত হয়। আহত আব্দুৰ ৰহমানক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।