Local, Vocal, Global

সাধাৰণ জনতাৰ ওপৰত মাধমাৰ, ১ এপ্ৰিলৰ পৰা বাঢ়িব টোলটেক্স

নিউজ ডেস্ক,৩০ মাৰ্চঃ ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব টোলগেটৰ মাচুল। দেশত মূল্যবৃদ্ধিয়ে মানুহক জুৰুলা কৰাৰ মাজতেই এইবাৰ বৃদ্ধি হ’ব টোল টেক্স। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১৫ শতাংশ বৃদ্ধি কৰিছে বৃদ্ধি কৰিছে টোলৰ নিৰিখ।

১ এপ্ৰিলৰ পৰা টোল গে’টেৰে গ’লে ভৰিব লাগিব অধিক কৰ। সোণাপুৰ, ৰহা, মদনপুৰ টোল গে’টৰ মাচুল বৃদ্ধি। গলিয়া, মান্দেৰদিছা, মিকিৰআটি গে’টতো বাঢ়িত টোল কৰ।

*ৰহা টোল গেটত পূৰ্বৰ ৯৫ ৰ সলনি ভৰিব লাগিব ১১০ টকা।
*সোণাপুৰ টোল গেটত পূৰ্বৰ ১১৫ৰ ঠাইত ভৰিব লাগিব ১৩০ টকা।
*মদনপুৰ টোল গেটত পূৰ্বৰ ১১০ ৰ ঠাইত ভৰিব লাগিব ১২৫ টকা।
*মান্দেৰদিছা টোল গেটত ১০০ টকা
*ডবকাৰ মিকিৰআটি টোলগেটত ভৰিব লাগিব ৯০ টকাকৈ