ৰাজ্যত পুনৰ ৰে’লৰ খুন্দাত নিহত বনৰীয়া হাতী

লামচাখং আৰু পাঠৰখোলা ৰে’ল ষ্টেচনৰ মাজত উজনিমুৱা মালবাহী ৰে’লৰ খুন্দাত নিহত দুটা হাতী। লামডিং বনাঞ্চলৰ অৰণ্যৰ মাজত সংঘটিত হৈছে শোকাৱহ এই ঘটনা। প্ৰায় দুই বছৰ পূৰ্বেও লামচাখং আৰু হাইৱাইপুৰ ৰে’ল ষ্টেচনৰ মাজত ৫টাকৈ হাতী ৰে’লৰ খুন্দাত নিহত হৈছিল। ৰে’ল বিভাগৰ দায়িত্বহীনতাৰ বাবে নিশা ৰে’ল লাইন ক্ৰছিঙৰ সময়ত ৰে’লৰ খুন্দাত মৃত্যুমুখত পৰে বনৰীয়া হাতীটো।
উল্লেখ্য যে, ঘন জংঘলৰ উক্ত অঞ্চলটো বনৰীয়া হাতীৰ বিচৰণ ভূমি আৰু নিশা প্ৰায়ে পাৰ হয় ৰে’ল লাইন। ফলত উক্ত অঞ্চলটো ঘোষণা কৰিছে এলিফেণ্ট কৰিড’ৰৰূপে।