Local, Vocal, Global

Dead Rhino Recovered in kaziranga national park : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ বয়স্ক মাইকী গঁড়ৰ মৃতদেহ

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী : ৰাজ্যত পুনৰ গড় হত্যা । পুনৰ ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ বয়স্ক মাইকী গঁড়ৰ মৃতদেহ।

শনিবাৰে উদ্ধাৰ হৈছে মৃতদেহটো ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মোনাবিলৰ সমীপৰ পৰ্যটন পথৰ কাষতে উদ্ধাৰ হৈছে গঁড়ৰ মৃতদেহটো। উদ্ধাৰ হোৱা গঁড় জনী চোৰাং চিকাৰীৰ পৰিৱৰ্তে বাঘৰ আক্ৰমণতহে মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে( Dead Rhino Recovered in kaziranga national park)।

জানিব পৰা মতে, উদ্ধাৰ হোৱা বয়স্ক মাইকী গঁড়ৰ মৃতদেহটোৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই বাঘৰ আক্ৰমণৰ চিন পোৱা বুলি জনাইছে।

উল্লেখ্যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ২২ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে এটা মাইকী গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হৈছিল । তাৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল আৰু ২৬ জানুৱাৰীৰ নিশা গঁড় হত্যাৰে জড়িত থকাৰ অভিযোগত জগু পেগু নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। লগতে মাটিত পুতি থোৱা অৱস্থাৰ পৰা এটা খৰ্গও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল(Rhino found dead inside kaziranga national park)।

ইফালে ২৮ জানুৱাৰীত নিশা বোকাখাত আৰক্ষীৰ এটা দলে গঁড়ৰ খৰ্গ উদ্ধাৰৰ বাবে আগৰতলি বনাঞ্চলৰ উত্তৰে থকা চাপৰিলৈ যোৱাৰ সময়তে ব্ৰহ্মপুত্ৰৰ বুকুত হেণ্ডকাফসহ জাঁপ দিয়ে জগু পেগুৱে। এই ঘটনা প্ৰায় দুটা সপ্তাহ হ’ল যদিও আজি পৰ্যন্ত জগু পেগুৰ কোনো সন্ধান নাই।

লগতে পঢ়ক : Man Elephant conflict : সোণাৰিত বন্যহস্তীৰ তাণ্ডৱ; বন্যহস্তীৰ আক্ৰমণত আহত এজন