Local, Vocal, Global

ৰে’লৰ খুন্দাত পানী যুঁৱলিত পৰি ছটফটাই থকা হাতীটোৰ মৃত্যু

নিউজ ডেস্ক: অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে যোৰহাট জিলাৰ তিতাবৰত তীব্ৰবেগী ৰে’লৰ খুন্দাত আঘাতপ্ৰাপ্ত হাতীটোৱে৷ কালি হাতীটোক পানী যুঁৱলি পৰা উদ্ধাৰ কৰি চিকিৎসা কৰা হৈছিল যদিও মৃত্যুক আকোৱালি লয়৷ ১০ অক্টোবৰৰ নিশা গিবন অভয়াৰণ্যত আঘাতপ্ৰাপ্ত হাতীটোৱে দুটা দিনেই ছটফটাই থাকি অৱশেষত আজি মৃত্যুক আকোৱালি লয়৷ খৰিকটীয়া এলেকাত ৰাজধানী এক্সপ্ৰেছে তিনিটাকৈ হাতীক খুন্দা মাৰিছিল৷ ইয়াৰে দুটা হাতী থিতাতে নিহত হয়৷ এটা হাতী নৈত পৰি বহু দূৰলৈ ভাহি আহিছিল৷ কালি ছটফটাই থকা হাতীটোক প্ৰশাসনে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছিল যদিও আজি মৃত্যুক আকোৱালি লয়৷ গুৰুতৰভাৱে আহত হাতীটোৱে মৃত্যুক আকোৱালি লয়। অতিকৈ দুখৰ বিষয় যে আঘাতপ্ৰাপ্ত হাতীটোৱে ৩০ ঘণ্টাতকৈ বেছি সময়পানীত পৰি ছটফটাই আছিল। প্ৰশাসন তথা বন বিভাগে ক্ৰেণেৰে হাতীটোক উদ্ধাৰ কৰি ট্ৰাকেৰে গিবন অভয়াৰণ্যলৈ নিছিল। পশু চিকিত্‍সকে চিকিত্‍সা চলাই আছিল যদিও অৱশেষত হাতীটোৰ মৃত্যু হয়।