Local, Vocal, Global

১৫ দিনে গৃহবন্দী কৰি ১৬ দলিতক বৰ্বৰভাৱে প্ৰহাৰ বিজেপি নেতাৰ, গৰ্ভৰ সন্তান নষ্ট

নিউজ ডেস্ক: দেশত দলিত, আদিবাসী আৰু মুছলমানৰ বিৰুদ্ধে সামাজিক আৰু আৰ্থিকভাৱে অত্যাচাৰ আৰম্ভ হোৱাৰ অভিযোগৰ মাজতে বিজেপি শাসিত ৰাজ্যৰ পৰা ভয়াবহ খবৰ প্ৰকাশ হৈছে৷ দলিত কিশোৰীক, গৰ্ভৱতী মহিলাক বৰ্বৰভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইমানে নহয় বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ ফলত গৰ্ভৱতী মহিলাৰ গৰ্ভপাট হোৱাৰো অভিযোগ উত্থাপন হৈছে৷

কৰ্ণাটকৰ চিক্কামাগালুৰু জিলাৰ কট্টৰ বিজেপি সমৰ্থক জগদীশ গৌড়াৰ বিৰুদ্ধে ১৬ জন দলিত লোকক কফী খেতিত কেইবাদিন ধৰি বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগী মহিলা-পুৰুষে জগদীশ গৌড়াই বৰ্বৰভাৱে অত্যাচাৰ কৰা বুলি কয়। এগৰাকী গৰ্ভৱতী মহিলাক আক্ৰমণ কৰাৰ ফলত পেটৰ সন্তান নষ্ট হয়। আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু মহিলাগৰাকী জিলা চিকিৎসালয়ত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে৷

জগদীশ গৌড়া আৰু তেওঁৰ পুত্ৰ তিলক গৌড়াৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে৷ আৰক্ষীয়ে কয় যে দুয়োজন পলাতক৷

বিজেপিয়ে জগদীশ গৌড়া পৰা আঁতৰাই ৰাখিছে। বিজেপিৰ চিক্কামাগালুৰু জিলাৰ মুখপাত্ৰই জগদীশ গৌড়া দলৰ নেতা নহয় বুলি কয়৷ জগদীশ কোনো দলৰ কৰ্মী বা সদস্য নহয়। তেওঁ কেৱল এজন বিজেপি সমৰ্থক। তেওঁ আন ভোটাৰৰ দৰে বুলি কয় বিজেপিৰ জিলা মুখপাত্ৰই৷

ভুক্তভোগীসকলে চিক্কামাগালুৰু জিলাৰ জেনুগদ্দে গাঁৱত কফি খেতিৰ বাগানত শ্ৰমিক হিচাপে কাম কৰি আছিল। আৰক্ষীয়ে কয় যে তেওঁলোকে মালিকৰ পৰা ৯ লাখ টকা ধাৰ লৈছিল। ঋণ পৰিশোধ নকৰাৰ বাবে তেওঁলোকক বন্ধ কৰা হৈছিল।

৮ অক্টোবৰত কিছুমান লোক বালেহোন্নুৰ আৰক্ষী থানালৈ আহিছিল আৰু অভিযোগ কৰিছিল যে জগদীশ গৌড়াই তেওঁলোকৰ আত্মীয়সকলক অত্যাচাৰ কৰি বন্দী কৰি ৰাখিছে। কিন্তু শ্ৰমিকসকলে পিছত অভিযোগটো প্ৰত্যাহাৰ কৰিছিল।

পিছদিনা চিক্কামাগালুৰুৰ আৰক্ষী প্ৰধানৰ ওচৰত নতুনকৈ অভিযোগ দাখিল কৰিছিল৷ পুনৰ গৰ্ভৱতী মহিলাগৰাকীক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ আৰক্ষী অধীক্ষকে বিষয় গুৰুত্ব দি এজাহাৰ পঞ্জীয়ন কৰে।

গোচৰটোৰ তদন্ত কাৰী বিষয়াজনে নিশ্চিত কৰিছিল যে যেতিয়া ঘটনাস্থলীত কমেও ৮-১০ জন লোকক এটা কোঠাত বন্দী কৰি ৰখা হৈছিল। আৰক্ষীয়ে মালিকক সোধা-পোছা কৰাৰ পিছত মুকলি কৰি দিছিল।

যোৱা ১৫ দিন ধৰি গৃহবন্দী কৰি ৰখা হৈছিল শ্ৰমিকক। ১৬ জন সদস্যৰে গঠিত চাৰিটা পৰিয়ালসমূহ অনুসূচীত জাতিৰ। অভিযোগকাৰীৰ মতে, সকলো ১৬ জনক গৃহবন্দী কৰি ৰখা হৈছিল।

গৰ্ভৱতী মহিলাৰ স্বামীয়ে কয় যে আমাক গৃহবন্দী কৰি ৰখা হৈছিল। মাৰপিট কৰা হৈছিল আৰু গালি দিয়া হৈছিল। জগদীশ গৌড়াই আমাৰ কন্যাক পত্নীক প্ৰহাৰ কৰিছিল। তাই দুমাহৰ গৰ্ভৱতী আছিল। আমি আমাৰ সন্তানক হেৰুৱাইছে।