এটা বনৰীয়া হাতীক সময়ত উদ্ধাৰ কৰি নোৱাৰি নিৰৱ দৰ্শক হৈ থাকিল চৰকাৰ
নিউজ ডেস্ক: ৰাজ্যত বনৰ জীৱ-জন্তুও এতিয়া সুৰক্ষিত নহয়৷ কেৱল ভাষণত চলা চৰকাৰখনৰ দিনত চৌদিশে এতিয়া মৃত্যুৰ কিৰিলি৷ আনহে নালাগে এটা বনৰীয়া হাতীক সময়ত উদ্ধাৰ কৰি নোৱাৰি নিৰৱ দৰ্শক হৈ থাকিল প্ৰশাসন কিম্বা বন বিভাগ৷ এটা হাতীৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে বিয়াগোম প্ৰশাসনে৷ তীব্ৰবেগী ৰে’লৰ পৰা ৰক্ষা কৰিব পৰা নাই গজৰাজক৷ ইপিনে তীব্ৰবেগী ৰেলৰ খুন্দাত আঘাতপ্ৰাপ্ত হৈ ছটফটাই থকা হাতীৰ নিৰৱ দৰ্শক হৈ চাই থাকিল ৰাজ্য চৰকাৰ৷ পানীৰ যুঁৱলিত পৰি থকা হাতীক সময়মতে উদ্ধাৰ কৰি চিকিৎসা কৰিব নোৱাৰাৰ ফলতে মৃত্যুৰ ওচৰত হাৰ মনা ঘটনাক ৰাজ্যবাসীয়ে সহজে ল’ব পৰা নাই৷ ১০ অক্টোবৰৰ নিশা গিবন অভয়াৰণ্যত আঘাতপ্ৰাপ্ত হাতীটোৱে দুটা দিনেই ছটফটাই থাকি অৱশেষত আজি পুৱা মৃত্যুক আকোৱালি লয়৷ খৰিকটীয়া এলেকাত ৰাজধানী এক্সপ্ৰেছে তিনিটাকৈ হাতীক খুন্দা মাৰিছিল৷ ইয়াৰে দুটা হাতী থিতাতে নিহত হয়৷ এটা হাতী পানী যুঁৱলিত পৰি বহু দূৰলৈ ভাহি আহি ঘণ্টাৰ পাছত ঘণ্টা ধৰি ছটফটাই আছিল৷ ৰে’লৰ খুন্দাৰ পাছত ৩০ ঘণ্টাকতৈ অধিক সময় হাতীটোৱে মৃত্যুৰ সৈতে যুঁজি দিয়ে৷ সময় মতে, উদ্ধাৰৰ ব্যৱস্থা নকৰাৰ ফলতে হাতীটোৰ মৃত্যু হয়৷ প্ৰশাসন তথা বন বিভাগে নীৰৱ দৰ্শক হৈ সকলো চাই আছিল৷ ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাতীটোৱে মৃত্যুৰ সৈতে যুঁজ দিয়াৰ পাছতো প্ৰশাসন কিম্বা বন বিভাগৰ বিৰুদ্ধে শ্ল’গানো দিছিল স্থানীয় লোকে৷ উল্লেখ্য যে, দেহৰ কেইবাটাও অংশত আঘাত পোৱা হাতীটোৱে পানীৰ যুঁৱলিত পৰি ক্ৰমে দুৰ্বল হৈ থিয় দিব নোৱাৰা হৈ পৰিছিল৷ হাতীটোৱে পানীৰ পৰা উঠিবলৈ অপ্ৰাণ চেষ্টা কৰিও বিফল হৈছিল৷ ক্ৰমাৎ অৱশ হোৱাৰ লগে লগে হাতীটোৰ মৃত্যুৰ দিশে গতি কৰাৰ পাছতো প্ৰশাসনে উচিত ব্যৱস্থা নোলোৱাত জাঙুৰ খাই উঠিছিল স্থানীয় ৰাইজ। উল্লেখ্য যে, অতিকৈ দুখৰ বিষয় যে আঘাতপ্ৰাপ্ত হাতীটোৱে ৩০ ঘণ্টাতকৈ বেছি সময়পানীত পৰি ছটফটাই আছিল। প্ৰশাসন তথা বন বিভাগে ক্ৰেণেৰে হাতীটোক উদ্ধাৰ কৰি ট্ৰাকেৰে গিবন অভয়াৰণ্যলৈ নিছিল। পশু চিকিত্সকে চিকিত্সা চলাই আছিল যদিও অৱশেষত হাতীটোৰ মৃত্যু হয়।