খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ বন্যহস্তীৰ
শোণিতপুৰত মৃত্যু হৈছে এটাৰ পিছত আন এটা বন্যহস্তীৰ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৈ ওলাই আহিছে বন্যহস্তীৰ জাক। বিগত এসপ্তাহৰ ভিতৰতে দুটাকৈ বন্যহস্তীৰ মৃত্যু হৈছে। ৬ অক্টোৱৰত ৰঙাপৰাৰ হাতীবাৰী চাহ বাগিচাৰ ২নং ছেকচনত এটা ডেৰমহীয়া বন্যহস্তীৰ পোৱালি নলাত পৰি মৃত্যু হৈছিল। খাদ্যৰ সন্ধানত মাতৃৰ সৈতে ওলাই অহিছিল হাতীৰ পোৱালিটো । কিন্ত বাগিচাৰ নলাত পৰি মৃত্যু হয় পোৱালিটোৰ।
হাতীৰ পোৱালিটোৰ মৃত্যুৰ চাৰিদিন পিছতে চাৰিদুৱাৰ তৰাজানৰ এখন ধাননি পথাৰৰ মাজত মৃত অৱস্থাত উদ্ধাৰ হয় এটা বন্যহস্তী৷ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল বন্যহস্তীটো।
একেদৰে বন্যহস্তীৰ আক্ৰমণত দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। একাংশই বনাঞ্চল কাটি তহিলং কৰাৰ ফলত এতিয়া খাদ্যৰ অভাৱত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷ বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে গাঁও অঞ্চলত প্ৰৱেশ কৰি কৃষক ৰাইজৰ ধাননি পথাৰ খাই তহিলং কৰিছে।
বন্যহস্তীৰ কেইবাটাও জাক ৰঙাপৰা বাগিচা অঞ্চলত বৰ্তমানে বিচৰণ কৰি আছে৷ বন্যহস্তীয়ে প্ৰতিদিনে বাগিচাৰ শ্ৰমিক ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷ যাৰ বাবে বাগিচা অঞ্চলৰ শ্ৰমিক ৰাইজ শংকিত হৈ পৰিছে।