কোলাত কন্যাক লৈ কাৰ্যালয়ৰ কামত ব্যস্ত এগৰাকী IAS বিষয়া
গাজিয়াবাদৰ প্ৰশাসনিক বিষয়া সৌম্যা পাণ্ডে। সকলোৰে বাবে এক উদাহৰণ হৈ ৰ’ব। ডেলিভাৰীৰ ২২ দিন পিছত উপস্থিত হ’ল কাৰ্যালয়ত।
প্ৰশাসনিক বিষয়া সৌম্যা পাণ্ডে এটি কন্যা সন্তান জন্ম দিয়ে আৰু ২২ দিন পিছত তেওঁ কাৰ্যালয়লৈ আহি কামত যোগ দিয়ে। কোলাত ১৪ দিনীয়া সন্তানক লৈ কাৰ্যালয়ত কাম কৰিবলৈ আহি বিশেষভাৱে চর্চালৈ আহিল গাজিয়াবাদৰ প্ৰশাসনিক বিষয়া সৌম্যা পাণ্ডে। সৌম্যা পাণ্ডে কয়- এইক্ষেত্ৰত গাজিয়াবাদ জিলা প্রশাসনে তেওঁক পৰিয়ালৰ সদস্যৰ দৰে যথেষ্টখিনি সহায় কৰিছে। সেয়ে এতিয়া তেওঁৰ কৰ্তব্য হ’ল তেওঁ কাৰ্যালয়ৰ কামৰ লগতে নিজ কন্যা সন্তানৰ মাতৃত্বৰ দায়িত্ব পালন কৰা।