Election Update: ৭ৰাজ্যত পুৱাৰ পৰা চলি আছে ভোটগ্ৰহণ
নিউজ ডেস্ক, ১০ জুলাই : আজি দেশৰ ৭ ৰাজ্যত অনুষ্ঠিত হৈছে উপ নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণভাৱে আটাইকেইখন ৰাজ্যতে চলি আছে ভোটগ্ৰহণ। সন্ধিয়া ৬ বজালৈকে চলিব এই ভোটদান প্ৰক্ৰিয়া। বিহাৰৰ এখন আসনৰ পৰিৱৰ্তে পশ্চিম বংগত ৪খন, উত্তৰাখণ্ডত ২খন, মধ্য প্ৰদেশত ১খন, পাঞ্জাৱত ১খন, তামিলনাডুত ১খন আৰু হিমাচলত ৩খন আসনত অনুষ্ঠিত হৈছে এই উপ নিৰ্বাচন।(By election)
বিহাৰৰ ৰুপলী সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনত ১১গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৩লাখৰো অধিক ভোটাৰে। ইফালে হিমাচল প্ৰদেশত মুখ্যমন্ত্ৰী সুখবিন্দৰ সিঙৰ পত্নীও প্ৰতিদ্বন্দ্বিতা কৰিছে এই উপ নিৰ্বাচনত। পশ্চিম বংগৰ ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগদা আৰু মানিকতলাত অনুষ্ঠিত হৈছে উপনিৰ্বাচন। মধ্য প্ৰদেশৰ অমৰৱাড়া, তামিলনাডুৰ বিক্ৰাবণ্ডী, পাঞ্জাৱৰ পশ্চিম জলন্ধৰত অনুষ্ঠিত হৈছে এই উপ নিৰ্বাচন।
এই উপনিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ১৩জুলাই।
লগতে পঢ়কঃ Anna Seva Din: বান সংকটৰ মাজতে অসম চৰকাৰে ১৫ জুলাইলৈ বৃদ্ধি কৰিলে ‘অন্ন সেৱা দীন’