Election dates for 5 states to be announced today : আজি ঘোষণা হ’ব ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন

নেশ্যনেল ডেস্ক, ৯অক্টোবৰ : আজি ঘোষণা হ’ব ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন । সোমবাৰে নিৰ্বাচন আয়োগে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা । আজি দিনৰ ১২বজাত এখন সংবাদমেলৰ আয়োজন কৰিছে নিৰ্বাচন আয়োগে(Election Commission to announce poll schedule for 5 states today) ।
সোমবাৰৰ নিৰ্বাচন আয়োগে এই সংবাদমেলত ভোটদানৰ তাৰিখ, পৰ্যায়ৰ সংখ্যা আৰু মনোনয়ন দাখিল আৰু প্ৰত্যাহাৰৰ তাৰিখ ঘোষণা কৰিব । এই সংবাদমেলত উপস্থিত থাকিব কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন দলীয় মুৰব্বী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী, কংগ্ৰেছ শাসিত আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দলৰ শীর্ষ দল(Election dates for 5 states to be announced today) ৷
উল্লেখ্য যে, মিজোৰামৰ বিধান সভাৰ কাৰ্যকাল এই বছৰৰ ১৭ ডিচেম্বৰত শেষ হ’ব। আনহাতে ছত্তীশগড় বিধানসভা, ৰাজস্থান বিধানসভা, মধ্যপ্ৰদেশ আৰু তেলেংগানা বিধানসভাৰ কাৰ্যকাল জানুৱাৰীত সমাপ্ত হ’ব ।তেলেংগানা ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) চৰকাৰ আৰু মধ্যপ্ৰদেশত বিজেপিৰ চৰকাৰ আছে । ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ আছে ।মিজোৰাম মিজো নেচনেল ফ্ৰণ্টৰ (MNF) শাসনত আছে(Election Commission To Announce Poll Schedule for 5 States Today)।
ECIএ সাধাৰণতে বিধানসভাৰ কাৰ্যকাল শেষ হোৱাৰ ছয়ৰ পৰা আঠ সপ্তাহ আগতে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে।
আগন্তুক বিধানসভা নিৰ্বাচন শাসকীয় ভাৰতীয় জনতা পাৰ্টি (বিজেপি), মুখ্য বিৰোধী দল কংগ্ৰেছ আৰু আঞ্চলিক দলকে ধৰি সকলো মুখ্য ৰাজনৈতিক দলৰ বাবে গুৰুত্বপূৰ্ণ হ’ব কিয়নো অহা বৰ্ষত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। পাঁচখন ৰাজ্যৰ ভিতৰত ৰাজস্থান আৰু ছত্তীশগড় দুয়োখন কংগ্ৰেছৰ শাসনত আছে।
লগতে পঢ়ক : Odisha Train Accident : ওড়িশাৰ বালাছোৰৰ ৰে’ল দুৰ্ঘটনাত কথা মনত আছে নে আপোনাৰ ?