Upcoming Assembly Polls In Five States : শীৰ্ঘে অনুষ্ঠিত হ’ব ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন
নেশ্যনেল ডেস্ক, ৫ অক্টোবৰ : শীৰ্ঘে অনুষ্ঠিত হ’ব ৫খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন(Upcoming Assembly Polls In Five States) । নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে । নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনমুখী ৰাজ্যত নিযুক্ত নিৰ্বাচনী পৰ্যবেক্ষকৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনোৱা হৈছে(Assembly Elections 2023 How Election Commission Is Prepping Up For Upcoming Polls In Five States) ।
প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে নতুন দিল্লীত নিৰ্বাচনমুখী ৰাজ্যকেইখনৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ বাবে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । জানিব পৰা মতে, ৫খন ৰাজ্যত এই বছৰতে অনুষ্ঠিত হ’ব নিৰ্বাচন । নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্য কেইখন ক্ৰমে মধ্যপ্ৰদেশ, তেলেংগানা, ছত্তীশগড়, ৰাজস্থান আৰু মিজোৰাম । শুকুৰবাৰৰ বৈঠকৰ পিছতে এই ৰাজ্যকেইখনৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব পাৰে(Election Commission Is Prepping Up For Upcoming Polls)।
বিগত বছৰো নিৰ্বাচনী পেনেলে অক্টোবৰৰ মাহত হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছিল । এই বছৰোও অক্টোবৰ মাহতে ঘোষণা কৰিব ৫খন ৰাজ্যৰ নিৰ্বাচন ।
উল্লেখ্য যে, নিৰ্বাচনমুখী এই ৫ খন ৰাজ্যৰ ভিতৰত মধ্যপ্ৰদেশ একমাত্ৰ ৰাজ্য য’ত শাসনাধিষ্ঠিত বিজেপিৰ ক্ষমতাত আছে। ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ আছে । তেলেংগানাত ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) চৰকাৰ আছে আৰু মিজোৰামত মিজো নেচনেল ফ্ৰণ্টৰ চৰকাৰ আছে ।
মিজোৰাম বিধানসভাৰ সদস্যৰ কাৰ্যকাল ডিচেম্বৰত সমাপ্ত হ’ব । আনহাতে ছত্তীশগড় বিধানসভা, ৰাজস্থান বিধানসভা, মধ্যপ্ৰদেশ আৰু তেলেংগানা বিধানসভাৰ কাৰ্যকাল জানুৱাৰীত সমাপ্ত হ’ব ।
জানিব পৰা মতে বৰ্তমান ভাৰতৰ নিৰ্বাচন আয়োগে তেলেংগানা ভ্ৰমণত আছে আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণাক লৈ বিভিন্ন মহলত জল্পনা-কল্পনা অব্যাহত আছে ।
লগতে পঢ়ক :ED raids West Bengal minister Rathin Ghoshs house : পশ্চিমবংগৰ মন্ত্ৰী ৰথিন ঘোষৰ বাসগৃহত ED ৰ অভিযান