আজি BTCৰ নিৰ্বাচন

নিউজ ডেস্ক, ৮ জুন : বুধবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ (Karbi Anglong Autonomous Council) ৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া।
২৬ টা পৰিষদীয় সমষ্টিত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। নিৰ্বাচনত অৱতীৰ্ণ হৈছে ১৫৪ গৰাকী প্ৰাৰ্থী।
এইবাৰ EVM ৰ সলনি বেলট পেপাৰৰ (Ballot Paper) জৰিয়তে ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ।
বিটিচিৰ ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিত অনুস্থিত হৈছে উপ-নিৰ্বাচন(BTC by election 2022)।
৯০৮ টা কেন্দ্ৰত ৭,৪০,০৬০ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১৫৪ প্ৰাৰ্থীৰ ভাগ্য।
সন্ধিয়া ৪.৩০ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া।