Local, Vocal, Global

লামডিংত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ৮ জুন : মংগলবাৰে নিশা লামডিংৰ পটুপাথাৰ নিবাসী বিজয় ভগতৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে , অগ্নিকাণ্ডৰ সময়ত ঘৰত কোনো ব্যাক্তি উপস্থিত নাছিল। ঘৰৰ মালিক বিজয় ভগত বিশেষ অনুষ্ঠানৰ কাৰণে বহি ৰাজ্যত আছে ।

স্থানীয় লোকৰ ভাষ্য অনুসৰি অগ্নিকাণ্ডত এখন বাইকৰ লগতে বিভিন্ন সা-সম্পত্তি জুইত জাহ যায় ।

ঘটনাৰ খবৰ লামডিং পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীও উপস্থিত হয়। আৰু জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

জুই লগাৰ কাৰণ বৰ্তমান সময়লৈকে পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ তদন্ত ৰ পিছত‌হে পোহৰলৈ আহিব সঠিক তথ্য।