স্কুল যোৱা ৬ বছৰীয়া কণমানিজনি আৰু ঘৰলৈ উভতি নাহিল

নিউজ ডেস্ক, ৭ জুন : হাইস্কুল আৰু হাইমাদ্ৰাজা পৰীক্ষাৰ ফলাফলৰ আনন্দ উল্লাহৰ মাজতে শোণিতপুৰত শোকৰ চাঁ।
শোণিতপুৰ জিলাৰ ১৮ মাইলত সংঘটিত হৈছে ভয়ঙ্কৰ পথ দুৰ্ঘটনা।
স্কুললৈ গৈ থকা অবস্থাতে তীব্ৰ বেগেৰে যোৱা এখন বলেৰ বাহনে মহতিয়াই নিলে এগৰাকী ৬ বছৰীয়া স্কুলীয়া ছাত্ৰীক।
থিতাতে নিহত হয় ১ম শ্ৰেনীৰ ছাত্ৰী গৰাকী। ছাত্ৰী গৰাকীৰ নাম অঞ্জলি মুণ্ডা।
কণমানিজনিৰ মৃত্যুৰ পাছতে ক্ষুব্ধ ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে। আৰক্ষীৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল ।