Local, Vocal, Global

কংগ্ৰেছে ‘২১ৰ নিৰ্বাচনত ব্ৰিটিছৰ দৰে খেদিব মোদীক

কংগ্ৰেছত যোগদান ৬শতাধিক লোকৰ ।’২১ত হ’ব অসমৰ বাবে দ্বিতীয় স্বাধীনতাৰ যুঁজ, খেদিব লাগিব মোদীক। কংগ্ৰেছৰ যোগদান সভাত সভাপতি ৰিপুন বৰাৰ উদাত্ত ভাষণ। সাংবাদিক, বিজেপি, অসম গণ পৰিষদৰ প্ৰায় ৬শতাধিক লোকে সোমবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছ দলত। যোগদান কাৰ্যসূচীৰ ভাষণ প্ৰশংগত বিজেপিক তীব্ৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ। ২০২১ৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে হ’ব দ্বিতীয় স্বাধীনতাৰ যুঁজ। বিজেপিৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে হ’ব এই যুঁজ। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ । ব্ৰিটিছৰ দৰে মোদীক খেদিব লাগিব। বিজেপিক উৎখাত কৰিব নোৱাৰিলে অসমৰ ভবিষ্যত অন্ধকাৰ। ”কৰেংগে য়া মৰেংগে”গান্ধীজীৰ এই বাণী হ’ব কংগ্ৰেছৰ ‘২১ৰ নিৰ্বাচনী বাণী।

ৰিপুন বৰাই লগতে কয় যে, ২০১৬ৰ নিৰ্বাচনক শৰাইঘাটৰ শেষ ৰণ বুলি কৈ ৰাইজক আৱেগিক কৰিলে। এতিয়া কিয় বিজেপিয়ে শৰাইঘাটৰ ৰণৰ কথা নকয়। বিজেপিয়ে এতিয়া সকলো ব্যৰ্থতা ঢাকিবলৈ সভ্যতাৰ কথা ক’বলৈ ধৰিছে। আমাক ১০টা মূৰৰ ৰাৱণ, মোগল বহু নাম দিছে।’ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, হিমন্তই ডক্তৰেট উপাধি ল’লে ঠিকেই, কিন্তু এতিয়া ধৰ্ম আৰু সভ্যতাৰ বিষয়ে অধ্যয়ন কৰক।  তেতিয়াহে তেওঁৰ ডক্তৰেট ডিগ্ৰীক আমি মান্যতা দিম।’ আজিৰ যোগদান কাৰ্যসূচীত ৰিপুন বৰাৰ লগতে প্ৰদ্যুত্‍ বৰদলৈ, ৰকিবুল হুছেইন, বলীন কুলীকে প্ৰমুখ্য কৰি দলৰ বহুসংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকে।