Local, Vocal, Global

একনাথ চিন্দে হ’ব মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, ৩০ জুন : বৃহস্পতিবাৰে শিন্দেৰ সৈতে এক যুটীয়া সংবাদমেলত বিজেপি নেতা Devendra Fadnavisএ ঘোষণা কৰে নতুন মুখ্যমন্ত্ৰীৰ নাম।

তেওঁ লগতে জনায় যে, আজি সন্ধিয়া ৭.৩০ বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু তেওঁ মন্ত্ৰীসভাৰ অংশ নহ’ব বুলিও জানিব দিয়ে।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, “আজি শপত গ্ৰহণ অনুষ্ঠানৰ পিছত, আমি কেবিনেট সম্প্ৰসাৰণ কৰিম আৰু শিৱসেনা আৰু বিজেপি নেতাসকলে শপত গ্ৰহণ কৰিব। মই চৰকাৰৰ বাহিৰত থাকিম,” ।

২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাত বৰ্তমান বিজেপিৰ ১০৬ জন বিধায়ক আছে আৰু শিন্দে ৩৯ জন বিদ্ৰোহী শিৱসেনা বিধায়ক আৰু আন কেইজনমান নিৰ্দলীয় বিধায়কে নেতৃত্ব দি আছে।

শেহতীয়াকৈ শিৱসেনাৰ এজন বিধায়কৰ মৃত্যুৰ পিছত, বিধানসভাৰ বৰ্তমানৰ শক্তি ২৮৭ লৈ হ্ৰাস হয়, তাৰ ফলত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ১৪৪।

ইয়াৰ পূৰ্বে কালি উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল Bhagat Singh Koshyariৰ মজিয়া পৰীক্ষাৰ আহ্বান বজাই ৰখাৰ পিছত উদ্ধৱ ঠাকৰেয়ে মহাৰাষ্ট্ৰৰ মুখ্য মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।