Local, Vocal, Global

Eight former Indian Navy personnel jailed in Qatar release : কাটাৰত বন্দী ভাৰতীয় নৌসেনাৰ ৮ প্ৰাক্তন সদস্যক মুকলি

নেশ্যনেল ডেস্ক, ১২ ফেব্ৰুৱাৰী : কাটাৰত বন্দী হৈ থকা ভাৰতীয় নৌসেনাৰ ৮ প্ৰাক্তন সদস্যক মুকলি । গুপ্তচৰৰ অভিযোগত কাটাৰত গ্ৰেপ্তাৰ কৰা হৈছিল সদস্যকেইগৰাকীক । সোমবাৰে দোহাই কাটাৰত মৃত্যুদণ্ডৰ শাস্তি পোৱা ভাৰতীয় নৌসেনাৰ ৮জন প্ৰাক্তন বিষয়াক মুকলি কৰি দিয়া হয়(Eight former Indian Navy personnel jailed in Qatar release) ।

উল্লেখ্য যে, নৌসেনাৰ প্ৰবীণ সৈনিকসকলৰ উদ্বিগ্ন পৰিয়ালে তেওঁলোকৰ মুক্তি আৰু নিৰাপদে নিজৰ দেশলৈ উভতি অহাৰ বাবে অনুৰোধ জনোৱাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সকলো কূটনৈতিক মাধ্যম সংগঠিত কৰি তেওঁলোকক ঘূৰাই অনাৰ লগতে আইনী সহায়ৰ ব্যৱস্থা কৰাৰ আশ্বাস দিছিল(Qatar Frees 8 Indian Navy Veterans Jailed On Alleged Spying Charges
) ।

সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে জনাইছে যে নৌসেনাৰ আঠজন প্ৰাক্তন বিষয়াৰ ভিতৰত সাতজন ইতিমধ্যে ভাৰতলৈ উভতি আহিছে ।

অভিজ্ঞ বিষয়াসকলক মুকলি কৰি দিয়াৰ সিদ্ধান্তক আদৰণি জনাই কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে, ‘কাটাৰত বন্দী হৈ থকা দহৰা গ্ল’বেল কোম্পানীত কৰ্মৰত আঠজন ভাৰতীয় নাগৰিকক মুকলি কৰি দিয়াৰ বাবে ভাৰত চৰকাৰে আদৰণি জনাইছে ।’সেই ৮ জনৰ ভিতৰত ৭ জন ভাৰতলৈ উভতি আহিছে । এই নাগৰিকসকলক মুক্তি আৰু ঘৰলৈ ঘূৰাই অনাটো নিশ্চিত কৰাৰ বাবে কাটাৰে লোৱা সিদ্ধান্তৰ আমি শলাগ লৈছো । ২০২২ চনৰ অক্টোবৰৰ পৰা কাটাৰত কাৰাবন্দী হৈ থকা ৮ জন ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে ছাবমেৰিন কাৰ্যসূচীৰ চোৰাংচোৱাগিৰিৰ অভিযোগ উত্থাপন হৈছিল(In major diplomatic triumph, Qatar frees eight Navy veterans jailed on espionage charges) ৷

লগতে পঢ়ক :Fire erupts at Karachi hospital : হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড;আহত ৭ গৰাকীকৈ চৰকাৰী কৰ্মচাৰী