Local, Vocal, Global

APCC President Appears Before Police : ভৰালে ভৰাই থওঁক ,বাৰে বাৰে মাতি নাথাকিব; যোৰহাট আৰক্ষীক আহ্বান ভূপেন বৰাৰ

নিউজ ডেস্ক, ১২ফেব্ৰুৱাৰী : আজি যোৰহাট সদৰ থানাত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত হোৱা বিসংগতি বাবে যোৰহাট আৰক্ষীয়ে নিজাববীয়াকৈ দুটাকৈ জামিনবিহীন ধাৰা লগতে অন্য কেইবাটাও গোচৰ ৰুজু কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰৰ বিৰুদ্ধে ।উক্ত গোচৰ ভিত্তিতে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে যোৰহাট সদৰ থানাৰ তদন্তকাৰী বিষয়া ওচৰত হাজিৰ হয় ৷ আজি দ্বিতীয়বাৰ বাবে তদন্তকাৰীৰ বিষয়া ওচৰত হাজিৰ হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে(APCC President Appears Before Police, Denounces Political Targeting) ।

তদন্তকাৰীৰ বিষয়া ওচৰত হাজিৰ হোৱাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়,”আৰক্ষীয়ে মোক যিখিনি প্ৰশ্ন শুধিছে মই সেইসমূহ প্ৰশ্নৰ উত্তৰ দিছো । অসমৰ মুখ্যমন্ত্ৰীয়ে বিৰোধীক ভয় খুৱাবলৈ চেষ্টা কৰিছে,আমাক বিচলিত কৰিবলৈ চেষ্টা কৰিছে কিন্তু আমি ভয় নাখাওঁ(APCC President Appears Before Police) ৷

ভৰালে ভৰাই থওঁক , সভাপতিৰ পদটো বেলেগক দিন কিন্তু বাৰে বাৰে মোক মাতি নাথাকিব, যোৰহাট আৰক্ষীক আহ্বান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, সংগ্ৰামৰ মাজেৰে জন্ম হোৱা দল হৈছে কংগ্ৰেছ দল ৷ কংগ্ৰেছ দলক নিৰ্যাতন, অত্যাচাৰে কেতিয়াও বিচলিত কৰিবলৈ নোৱাৰে ৷ আহি থকা সময়ত আমাৰ সংগ্ৰাম আৰু শক্তিশালী হ’ব ৷

আমি ইতিমধ্যে অসম আৰক্ষীক এই কথা কৈছো, আমাৰ ফাঁচী, জেইল হ’ব পাৰে, গুলী খাব লগা হ’ব পাৰে, লাঠী, ঠেলা, খুন্দাটো খাইছোৱেই, যি সন্মুখীন হ’ব লগা হয় হ’ম, কিন্তু আমাৰ সংগ্ৰাম চলি থকিব ৷”

লগতে অসম আৰক্ষীক সমালোচনা সভাপতিগৰাকীয়ে কয়, “অসম আৰক্ষীৰ ভাৱমূৰ্তি বেয়া হৈছে ৷ মোক যিজন ল’ৰাই মাৰিলে, তেওঁক এতিয়ালৈ সোধা পোছা কৰা নাই, মোক খানাপাৰত গতিওৱা ল’ৰাজনক সোধা পোছা কৰা নাই, মই সেইটো দলৰ সভাপতি, যিটো দলে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল ৷ মোক যে এনেদৰে বাৰে বাৰে মাতিছে, এয়া যোৰহাট আৰক্ষীৰ ভাৱমূৰ্তি ম্লান হোৱাৰ লক্ষণ ৷

লগতে পঢ়ক : Eight former Indian Navy personnel jailed in Qatar release : কাটাৰত বন্দী ভাৰতীয় নৌসেনাৰ ৮ প্ৰাক্তন সদস্যক মুকলি