Local, Vocal, Global

Fire erupts at Karachi hospital : হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড;আহত ৭ গৰাকীকৈ চৰকাৰী কৰ্মচাৰী

ইণ্টাৰনেশ্যনেল ডেস্ক, ১২ ফেব্ৰুৱাৰী : হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড।আহত ৭ গৰাকীকৈ চৰকাৰী কৰ্মচাৰী(Fire erupts at Karachi hospital)।পাকিস্তানৰ কাৰাচীৰ এখন চৰকাৰী হাস্পতালত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো(Fire erupts at Karachi hospital, seven paramedics injured) ।

জানিব পৰা মতে, এই অগ্নিকাণ্ডৰ সিন্ধ চৰকাৰী চিকিৎসালয় লিয়াকতাবাদৰ জৰুৰীকালীন কোঠাত সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত ৭ গৰাকী চৰকাৰী কৰ্মচাৰী গুৰুতৰভাৱে আহত হয় । আহত লোকসকলক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে কাৰাচীৰ ডাঃ ৰুথ ফাউ অসামৰিক চিকিৎসালয় বাৰ্ণ চেণ্টাৰলৈ প্ৰেৰণ কৰে ।

ইফালে হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি এই ঘটনাত আহতসকল হাস্পতালৰ কৰ্মচাৰী । তেওঁলোকৰ ৪ জনৰ অৱস্থা সংকটজনক । স্বাস্থ্য সেৱাৰ প্ৰাদেশিক সঞ্চালক প্ৰধানে ইতিমধ্যে ঘটনাটোৰ বিভাগীয় তদন্তৰ বাবে সমিতি গঠনৰ নিৰ্দেশনা জাৰী কৰিছে । এই ঘটনাৰ দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰিছে । নিৰ্দেশনা অনুসৰি সমিতিয়ে ৩ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব(Fire Erupts at Karachi Hospital, Seven Paramedics Injured) ।

আৰক্ষী সূত্ৰই জনোৱা মতে, আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়াৰ পিচতে আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয় । স্থানীয় আৰক্ষীৰ মতে ,চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় । তাত এটা ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰ আছিল য’ত ঔষধ আছিল আৰু অগ্নিকাণ্ডৰ ফলত সেইটো বিস্ফোৰিত হৈছে ।ইফালে সম্ভাৱ্য বিস্ফোৰণৰ প্ৰতি লক্ষ্য ৰাখি বোমা বিশেষজ্ঞৰ দল সেই স্থানলৈ স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : PM Modi to distribute over 1 lakh appointment letters at Rozgar Mela today : আজি ১ লাখতকৈও অধিক নিযুক্তিপত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী মোদীৰ