Local, Vocal, Global

ED team camps at Jharkhand CM Hemant Soren’s Delhi house : ১৩ ঘণ্টা ধৰি ED ৰ অভিযান; জব্দ নগদ ৩৬ লাখ টকা,BMW বাহনসহ নথি-পত্ৰ

নিউজ ডেস্ক, ৩০ জানুৱাৰী : সোমবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ দিল্লীৰ বাসগৃহত ED ৰ অভিযান(ED team camps at Jharkhand CM Hemant Soren’s Delhi house) ।

জানিব পৰা মতে, সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ দিল্লীস্থিত বাসগৃহত ED য়ে ১৩ ঘণ্টাতকৈও অধিক সময় ধৰি অভিযান চলায় । ED ৰ ১৩ ঘণ্টা ধৰি অভিযানৰ অন্তত অভিযানকাৰী দলটোৱে দিল্লীৰ বাসগৃহৰ পৰা এখন বিলাসী বাহন জব্দ কৰে। লগতে ED য়ে জব্দ কৰে দুখন বিএমডব্লিউ গাড়ী, কিছু আপত্তিজনক নথি-পত্ৰ আৰু নগদ ৩৬ লাখ টকা(ED seizes Jharkhand CM Hemant Soren’s BMW car after day-long effort to trace him) ।

সূত্ৰৰ অনুসৰি, EDৰ দলটোৱে যেতিয়া হেমন্ত ছোৰেণৰ ঘৰত উপস্থিত হয় তেতিয়া ঘৰত উপস্থিত নাছিল মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰীগৰাকীক যোগাযোগৰ চেষ্টা কৰিছিল যদিও এতিয়ালৈকে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ সৈতে কোনো যোগাযোগ স্থাপন হোৱা নাই।

উল্লেখ্য যে, ঝাৰখণ্ডৰ ভূমি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ তদন্তৰ বাবে দিল্লী আৰক্ষীৰ সৈতে ইডিৰ বিষয়াসকলে সোমবাৰে দিল্লীৰ ৫/১ শান্তি নিকেতনৰ বাসগৃহত উপস্থিত হৈছিল। কিন্তু সেই সময়ত তাত উপস্থিত নাছিল মুখ্যমন্ত্ৰীগৰাকী। ED য়ে ১৩ ঘণ্টাতকৈও অধিক সময় ধৰি অভিযান চলাইছিল । দিনজোৰা অভিযানত EDৰ দলে নগদ প্ৰায় ৩৬ লাখ টকা জব্দ কৰে, হাৰিয়ানা নম্বৰ প্লেট থকা দুখন ‘বেনামী’ BMW বাহনৰ ৰ উপৰিও কিছুমান আপত্তিজনক নথি-পত্ৰ। খবৰ অনুসৰি, হেমন্ত ছোৰেণৰ গাড়ীৰ পৰা ৩৬ লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰা হৈছে(ED team camps at Jharkhand CM Hemant Soren’s Delhi house; seizes BMW during search)।

লগতে পঢ়ক : 24 Assam Rifles Seizes 90,000 WY Tablets Worth Over Rs 13 Crores : মণিপুৰত জব্দ ১৩ কোটি টকাৰ নিচাজাতীয় টেবলেট