Local, Vocal, Global

ED raids West Bengal minister Rathin Ghoshs house : পশ্চিমবংগৰ মন্ত্ৰী ৰথিন ঘোষৰ বাসগৃহত ED ৰ অভিযান

নেশ্যনেল ডেস্ক, ৫অক্টোবৰ : পুনৰ পশ্চিমবংগত ED ৰ অভিযান(ED raids Bengal ministers house ) । পশ্চিমবংগৰ খাদ্য আৰু যোগান মন্ত্ৰী ৰথিন ঘোষৰ বাসগৃহত চলিল ED ৰ অভিযান(ED raids West Bengal minister Rathin Ghoshs residence) ।

উল্লেখ্য যে তৃণমূল কংগ্ৰেছৰ মন্ত্ৰীৰ বাসগৃহত চলা এই অভিযানক লৈ এতিয়া ৰাজনৈতিক মহলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ(ED raids West Bengal minister Rathin Ghoshs house) । আগন্তুত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ বাসগৃহত এনেদৰে ইডিয়ে অভিযান চলোৱাক লৈ বিৰোধী দলসমূহৰ মাজতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে(Probe agency ED raids Bengal Food Minister in civic body recruitment scam) ।

জানিব পৰা মতে, বৃহস্পতিবাৰে ED য়ে পশ্চিমবংগৰ খাদ্য আৰু যোগান মন্ত্ৰী ৰথীন ঘোষৰ বাসগৃহৰ লগতে তেওঁৰ সম্পত্তিৰ কেইবাটাও স্থানত অভিযান চলায় ।

অনুসন্ধানকাৰী দলটোৱে বৃহস্পতিবাৰে পুৱা প্ৰায় ৬.১০ বজাত উত্তৰ ২৪ পৰগণা জিলাৰ মাইকেলনগৰত থকা বাসগৃহত উপস্থিত হয় । একে সময়তে, অনুসন্ধানকাৰী দলটোৱে নাগৰিক সংস্থায়ে দিয়া গোচৰটো সন্দৰ্ভত আন ১২ টা স্থানতো তালাচী চলাই ।

ED ৰ অভিযানৰ সময়ত মন্ত্ৰীগৰাকীয়ে তেওঁৰ ঘৰত আছিল নে নাই সেয়া সেই তথ্য জানিব পৰা হোৱা নাই । আনহাতে দলটোৱে আন কোনো বিশিষ্ট টিএমচি মন্ত্ৰী বা নেতাৰ বাসগৃহত অভিযান চলাই আছে নে নাই সেই বিষয়েও কোনো ধৰণৰ তথ্য লাভ কৰা নাই ।

এই ঘটনা সন্দৰ্ভত দলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক প্ৰতিশোধৰ ৰাজনীতি কৰাৰ বাবে দোষাৰোপ কৰে । তেনে সময়তে ইডিয়ে চলোৱা এই অভিযানক লৈ তৃণমূল কংগ্ৰেছে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক :Illegal supply of Stones and Sand : চালান অবিহনে শিল-বালিৰ অবৈধ সৰবৰাহ