অৰ্থনৈতিক সংকট, শ্ৰীলংকাত আৰ্থিক জৰুৰী অৱস্থা ঘোষণা
নিউজ ডেস্ক,২ এপ্ৰিলঃ অৰ্থনৈতিক সংকটৰ মাজেৰে দিন পাৰ কৰা শ্ৰীলংকাত ঘোষণা কৰা হৈছে অৰ্থনৈতিক জৰুৰী অৱস্থা। শ্ৰীলংকাত সৃষ্টি হোৱা অৰ্থনৈতিক অৱস্থাৰ মাজতেই জনসাধাৰণে আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ সন্মুখীন হ’বলগীয়া হৈছে।
এনে পৰিস্থিতিত সাধাৰণ জনতাই দেশখনৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ মাজতেই শনিবাৰে শ্ৰীলংকাত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে ঘোষণা কৰিছে অৰ্থনৈতিক জৰুৰীকালীন ব্যৱস্থা। দক্ষিণ কলম্বো,উত্তৰ কলম্বো, চেণ্ট্ৰেল কলম্বো নুগেগৌড়াত কাৰ্ফিউ জাৰি কৰিছে।
উল্লেখ্য যে, দেশখনে সম্প্ৰতি তীব্ৰ অৰ্থনৈতিক সংকটত ভূগি আছে । যাৰ বাবে সমগ্ৰ দেশত এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে । বিদ্যুতৰ নাটনি, অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ, ইন্ধনৰ বাবে হাহাকাৰ আদি বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত । যাৰ বাবে সমগ্ৰ দেশতে ৰাজহুৱা প্ৰতিবাদৰ সৃষ্টি হৈছে।